মিৰ্জা, ২২ ছেপ্টেম্বৰঃ মহানগৰীৰ পাশ্বৱৰ্তী ৰাণীত ১৭৫ চিআৰপিএফ বেটেলিয়নে স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাপে চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে৷ মহাত্মা গান্ধীৰ সপোনৰ স্বচ্ছ ভাৰত গঢ়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা স্বচ্ছতা সেৱাই অভিযানৰ জৰিয়তে ২ অক্টোবৰ পূৰ্বে সমগ্ৰ ভাৰতবৰ্ষ স্বচ্ছ আৰু নিৰ্মূল কৰা লক্ষ্য বাস্তবায়িত কৰা উদ্দেশ্য ৰাখিছে সেই উদ্দেশ্যে ৰাণীৰ ১৭৫ চিআৰপিএফ বেটেলিয়নে এই কাৰ্যসূচী ৰূপায়ন কৰে৷ বেটেলিয়নটোৱে স্বচ্ছতাই সেৱা অভিযান অধীনত ৰাণীৰ বিভিন্ন অঞ্চলৰ লগতে ৰাণীস্থিত ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰত চাফাই অভিযান চলায়। চাফাই অভিযানত ১৭৫ বেটেলীয়ানৰ চিঅ’ মহেশ কুমাৰৰ লগতে স্বাস্থ্য কেন্দ্ৰটোৰ জ্যেষ্ঠ চিকিৎসকসকলে অংশগ্ৰহণ কৰে। চিঅ’ মহেশ কুমাৰে স্বচ্ছতা অবিহনে এখন দেশৰ বিকাশ আধৰুৱা বুলি ব্যক্ত কৰি পৰবৰ্ত্তী সময়ত ৰাণীৰ  বিভিন্ন অঞ্চলত চাফাই অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে৷