কলগাছিয়া, ২২ ছেপ্টেম্বৰঃ বৰপেটাৰ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ২৩নং বলাইপাথাৰ মজলীয়া বিদ্যালয়তৰ প্ৰধান শিক্ষক শ্বাৰফান  আলীক বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু স্থানীয় ৰাইজৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে, বৰপেটাৰ কলগাছিয়া ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত বলাইপাথাৰ মজলীয়া বিদ্যালয়তৰ প্ৰধান শিক্ষক এম শ্বাৰফান আলীক ৫৬ সংখ্যক শিক্ষক দিৱস উপলক্ষে বৰপেটা জিলা পৰিমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষাখণ্ডৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত ৫ ছেপ্তেম্বৰত বৰপেটা জিলা ভিত্তিক আয়োজন কৰা ৫৬ সংখ্যক শিক্ষক দিৱসত শৈক্ষিক, নৈতিক আৰু কৰ্তব্য পৰায়ণ আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ তৰফৰ পৰা অসম চৰকাৰে আদৰ্শ শিক্ষক বঁটাৰে সন্মানিত কৰিছিল। ইয়াৰ উপলক্ষে ২৩ নং বলাইপাথাৰ মজলীয়া বিদ্যালয়তো শিক্ষক গৰাকীক ৰাজহুৱা জনোৱা হয়৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি খন্দকাৰ  ইউছুফ আলীৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া পৰেশ চন্দ্ৰ কলিতা আৰু অতিথি হিচাপে এমাইচ সমন্বয়ক আলম খান, চিআৰচিচি হেফজুৰ ৰহমানৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।