নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ : ছচিয়েল মিডিয়াৰ যোগেদি তাৰকালৈ পৰিণত হোৱা ৰাণু মণ্ডলৰ প্ৰথমটো গান ‘তেৰী মেৰী কাহানী’ৰ টিজাৰ মুক্তি পাইছে। হিমেশ ৰেশামিয়াই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে গীতটোৰ টিজাৰ। সম্পূৰ্ণ গানটো আজি মুক্তি পোৱাৰ সম্ভাৱনা আছে।

এই গানটো মুকলিৰ বাবে এক ডাঙৰ অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে। টিজাৰ শ্বেয়াৰ কৰি হিমেশ ৰেশামিয়াই লিখিছে – অফিচিয়েল টিজাৰ, ভগৱানৰ কৃপাত ‘হেপী হাৰ্ডী আৰু হীৰ’ৰ ব্লকব্লাষ্টাৰ ট্ৰেক ‘তেৰী মেৰী কাহানী’ৰ সম্পূৰ্ণ গান কাইলৈ (১১ ছেপ্টেম্বৰ)ত আহি আছে।

এতিয়া বিভিন্নজনে ৰাণু মণ্ডলৰ সৈতে কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। বলীউদৰ চাৰিওফালৰ পৰা সমৰ্থন লাভ কৰিছে ৰাণু মণ্ডলে।

ইফালে ৰাণু মণ্ডলৰ প্ৰতিভাত অনুপ্ৰাণিত হৈ ৰাখী সাৱন্তে বিচাৰিছে যে ৰাণু মণ্ডলে তেওঁৰ গান ‘ছপ্পন ছুৰী’ৰ ৰিমিক্স কৰক। ৰাণু মণ্ডলক ভূয়সী প্ৰশংসা কৰিছে ৰাখী সাৱন্তে।