গুৱাহাটী : বিনীতা দেৱীলৈ (Binita Devi) ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা ২০২২। ৰাজস্থানৰ নোখাৰ মুকামত দুদিনীয়া কাৰ্যসূচীৰে ১১ আৰু ১২ ফেব্ৰুৱাৰী তাৰিখে ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ দ্বাৰা “তৃতীয় ভাৰত বিজ্ঞান টেকন’ উৎসৱ, ২০২৩” চলি আছে।
উক্ত কাৰ্যক্ৰমত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিজ্ঞানী সকলৰ সমাৰোহ অনুষ্ঠিত হৈছে । এই সমাৰোহৰ “তৃতীয় ভাৰত বিজ্ঞান টেকন’ উৎসৱ, ২০২৩” ত “ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা ২০২২”ৰ সন্মান লাভ কৰে এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি’ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীয়ে।
ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসে “ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা ২০২২” বিনীতা দেৱীক পুতলা নাচৰ জৰিয়তে বিজ্ঞান আৰু গণিত বিষয়টো শিক্ষাৰ্থী সকলে সহজভাৱে বুজি পোৱা এক মাধ্যম হিচাপে গঢ়া বাবে এই বঁটা প্ৰদান কৰা হৈছে। ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠান বিশ্ববিদ্যালয়-মহাবিদ্যালয়- বিদ্যাল়সমূহত প্ৰশিক্ষণ প্ৰদান কৰি শিক্ষাৰ্থীক উপকৃত কৰিছে বিনীতা দেৱীয়ে।
সেইহেতুকে ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ অধ্যক্ষ তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গণিতজ্ঞ ড. চন্দ্ৰমোলী যোশী, ভাৰতৰ গণিতৰ গুৰু ড. বি. এণ ৰাও, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ জ্যেষ্ঠ বিজ্ঞানী তথা অভিযন্তা দিলীপ ভাট, বিজ্ঞানী চন্দ্ৰ মোহন নটিয়াল, গণিতজ্ঞ মোহন সিং, জাৰ্মানীৰ যুৱ বিজ্ঞানী নিশান্ত মালহোত্ৰা আৰু বহুজন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিজ্ঞানী আৰু পদ্মশ্ৰী-ভাৰত ৰত্ন-ভাৰত ভুষণেৰে সন্মানিত হোৱা বিজ্ঞানীয়ে বিনীতা দেৱীক এই বঁটা প্ৰদান কৰে।