Joonmani Begum

বিশ্বনাথ : কাঁহ-পিতলৰ দোকানলৈ পৰিণত হ’ল বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা। বৃহৎ চোৰৰ দল (Thief Gang) এটাক গ্ৰেপ্তাৰ কৰিলে বিশ্বনাথ আৰক্ষীয়ে। দীর্ঘদিন ধৰি বিশ্বনাথত সন্ত্ৰাস চলাই অহা চোৰৰ দলটো বিশ্বনাথ আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল।

বিশ্বনাথ আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিলে বিশ্বনাথৰ বিভিন্ন অঞ্চলত চুৰিকাণ্ড সংঘটিত কৰি অহা এটা বৃহৎ চোৰৰ দলক। চোৰৰ দলটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে বিশ্বনাথৰ বিভিন্ন অঞ্চলত চুৰি হোৱা সামগ্ৰীৰে ভৰি পৰে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা।বিশ্বনাথ সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই চোৰৰ দলটোৰ ১১ জনকৈ সদস্যক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰৰ দলটোৰ কবলৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী। এই ১১ জনীয়া চোৰৰ দলটোৰ ভিতৰত অধিকাংশ চোৰেই নাবালক বুলি জানিব পৰা গৈছে। চোৰৰ দলটোৱে বিশ্বনাথত দীৰ্ঘদিন ধৰি চুৰিকাণ্ড সংঘটিত কৰি এক আতংকময় পৰিৱেশ সৃষ্টি কৰি আহিছিল।

ঘৰত মানুহ নথকা অৱস্থাত এই চোৰৰ দলটোৱে বিগত সময়ত ঘৰৰ তলা ভাঙি চলাই আহিছিল চাফাই আভিযান। আনকি, এই চোৰৰ দলটোৱে মূল্যৱান আ-অলংকাৰ লগতে ঘৰৰ কাঁহ-পিতলৰ কাঁহি-বাতি চোৰ কৰাৰ লগতে চৰুৰ ভাত পৰ্যন্ত খাই সেই চৰুত মল ত্যাগ কৰি অত্যাচাৰ চলাই আহিছিল। বিশ্বনাথৰ সাধাৰণ জনতাৰ লগতে বিশ্বনাথ আৰক্ষীৰ বাবেও মূৰৰ কামোৰণী স্বৰূপ হৈ পৰিছিল এই বৃহৎ চোৰৰ দলটো।

অৱশেষত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ উপ-আৰক্ষী বিষয়া অনিল সোণোৱালৰ নেতৃত্বত আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছামদান হাজোৱাৰীৰ নিৰ্দেশত বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাৰ সমীপৰ দীঘলীপুখুৰীৰ পৰা আৰক্ষীৰ এটা দলে অভিযান চলাই এই ১১ জনীয়া চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে চোৰৰ দলটোৰ কবলৰ পৰা বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰীৰ লগতে পানীৰ মটৰ আৰু ছাউণ্ড চিষ্টেমও জব্দ কৰিছে।