গুৱাহাটী, ৮ ডিচেম্বৰ, ২০২৪ : ভাৰতীয় ফুটবলত তৃণমুল পৰ্যায়ৰ পৰা উত্তৰণ কৰাৰ বাবে ৰিলায়েন্স ফাউণ্ডেছনে দৃঢ় পদক্ষেপ হাতত লোৱা বুলি ব্যক্ত কৰিছে জুনিয়ৰ ইণ্ডিয়া দলৰ প্ৰাক্তন গ’লৰক্ষক তথা প্ৰশিক্ষক গুম্পে ৰাইমে৷ গুৱাহাটীত কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ (CII) দ্বাৰা আয়োজিত ‘গ্ৰাছৰুটছ টু গোল্ড: আনলকিং দ্য স্প’ৰ্টিং পটেনচিয়েল অৱ দ্য নৰ্থ-ইষ্টক্স’ শীৰ্ষক অনুষ্ঠানত অংশ লৈ অৰুনাচলৰ প্ৰশিক্ষকজনে এই মত ব্যক্ত কৰে৷

উল্লেখ্য যে ৰিলায়েন্স ফাউণ্ডেছন ইয়ং চেম্পছ একাডেমীৰ মুখ্য গ’লৰক্ষক প্ৰশিক্ষকৰ দায়িত্বত থকা গুম্পে লগতে কয় ‘উত্তৰ-পূবত ৰিলায়েন্স ফাউণ্ডেছনৰ বহু কাৰ্যসূচী চলি আছে৷ আমি এটা শিশু (নৌপাং) লীগ আৰম্ভ কৰিছো যি বৰ্তমান চাৰিখন জিলাত চলি আছে৷ আইজল, চাম্পাই, কোলাছিব আৰু মিজোৰামৰ লুংলেইত হোৱা লীগৰ পৰাই বহু নতুন ফুটবলাৰ জন্ম হৈছে৷ এই পদক্ষেপৰ দ্বাৰা প্ৰায় তিনি হেজাৰ শিশু উপকৃত হৈছে৷ আমি প্ৰতি বছৰে প্ৰশিক্ষকৰ বিকাশত সহায় কৰাৰ বাবে ক্লিনিকো অনুষ্ঠিত কৰি আহিছো৷’

উত্তৰ-পূব ভাৰতত ক্ৰীড়া উন্নয়নৰ ভৱিষ্যতৰ মেপিং’ বিষয়ক পেনেল আলোচনাৰ সময়ত ৰাইমে অঞ্চলটোত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ পৰিৱৰ্তনশীল পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি কয় যে তৃণমূল পৰ্যায়ৰ ফুটবল বিকাশৰ ক্ষেত্ৰত ৰিলায়েন্স ফাউণ্ডেছনৰ ব্যাপক পদ্ধতি আৰু ৰিলায়েন্স ফাউণ্ডেশ্যন যুৱ ক্ৰীড়া (আৰ এফ ৱাই এছ) আৰু ৰিলায়েন্স ফাউণ্ডেশ্যন ডেভেলপমেণ্ট লীগ (আৰ এফ ডি এল)ৰ দৰে পদক্ষেপৰ জৰিয়তে পেছাদাৰী পৰ্যায়লৈ স্পষ্ট পথ সৃষ্টি কৰাত গুৰুত্ব দিয়া হৈছে৷ ‘২০১৬-১৭ চনৰ পৰা আমি ‘আৰ এফ ৱাই এছ’ নামৰ এটা কাৰ্যসূচী লৈছো য’ত আমি স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ৷ আমি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই যেনে মিজোৰাম, গুৱাহাটীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এখন মঞ্চ দিওঁ যত সকলোকে অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হয়৷ এই প্ৰতিযোগিতাখনৰ বহু খেলুৱৈক নিৰ্বাচিত কৰি ক্লাবসমূহে তুলি লৈছে৷ যুৱ উদীয়মান প্ৰতিভাৰ বাবে ই নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এক উত্তম মঞ্চ৷’ গুম্পে লগতে কয়৷

তৃণমূল পৰ্যায়ৰ ভেটি সৃষ্টি কৰি ২৩ বছৰ অনুৰ্ধ দলৰ বৈশিষ্ট্য থকা আৰ এফ ডি এলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকাশৰ পথৰ সৈতে আঞ্চলিক প্ৰতিযোগিতা গাঁথনি প্ৰদান কৰে৷ ‘এই বছৰ প্ৰথমবাৰৰ বাবে মোৰ ৰাজ্যৰ অৰুণাচল প্ৰদেশৰ এটা দলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, যি শিলচৰত হৈছে৷ প্ৰতিটো অঞ্চলৰ শীৰ্ষ দলসমূহে ৰাষ্ট্ৰীয় ৰাউণ্ডত খেলিব৷ আনহাতে, ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ পৰা বিজয়ী আৰু ৰানাৰ্ছ আপ দলে নেক্সটজেন কাপত অংশগ্ৰহণ কৰিব৷ যোৱা বছৰ এই প্ৰতিযোগিতা ব্ৰিটেইনত অনুষ্ঠিত হৈছিল৷ নেক্সটজেন কাপত ইপিএলৰ শীৰ্ষ ক্লাবসমূহৰ বয়সৰ গোটৰ দলসমূহ দেখা যায়, যাতে আমাৰ ল’ৰাবোৰে শ্ৰেষ্ঠৰ বিৰুদ্ধে খেলাৰ এক্সপ’জাৰ পায়৷’ গুম্পে ব্যক্ত কৰে৷

খেলুৱৈ আৰু প্ৰশিক্ষক হিচাপে বহু দশক ধৰি ভাৰতীয় ফুটবল পৰিৱেশ তন্ত্ৰত থকা ৰাইমে ৰিলায়েন্স ফাউণ্ডেছন ইয়ং চেম্পছ একাডেমীৰ স্কাউটিং ব্যৱস্থাৰ উদাহৰণ দি কেৱল খেলুৱৈক নহয়, প্ৰশিক্ষকৰ বিকাশ আৰু বিনিয়োগৰ লগতে প্ৰযুক্তি আকোৱালি লোৱাৰ গুৰুত্বৰ ওপৰতো আলোচনাত আলোকপাত কৰে৷ তেওঁ কয় ‘আমি ভাবিব লাগিব যে আমি কেৱল খেলুৱৈৰ বিকাশত নহয়, প্ৰশিক্ষকৰ বিকাশত কিমান বিনিয়োগ কৰো৷ আমাৰ হাতত এনে প্ৰযুক্তি আছে যিয়ে খেলুৱৈসকলৰ শাৰীৰিক পৰিপক্কতা আৰু তেওঁলোকে শাৰীৰিকভাৱে কিমান দূৰ আগবাঢ়িব পাৰে তাৰ মূল্যায়নত সহায় কৰে৷ আমাৰ এটা ক্ৰীড়া বিজ্ঞানৰ দলো আছে যিয়ে আমাক সম্ভৱপৰ উত্তম প্ৰতিভা বিচাৰি উলিওৱাত সহায় কৰে৷ আমি যেতিয়া স্কাউটিং কৰো তেতিয়া ই পজিচন-স্পেচিফিক হয়৷ গ’লৰক্ষক বিচাৰিব লগা হ’লে ওখ খেলুৱৈ হ’ব লাগিব৷ আমাৰ ক্ৰীড়া বিজ্ঞানীসকলে বহুত শাৰীৰিক মেট্ৰিক নিৰীক্ষন কৰে৷’

ৰাইমে জনোৱা অনুসৰি অহা ১২ আৰু ১৩ ডিচেম্বৰত মিজোৰামৰ শিশু লীগৰ চলিত সংস্কৰণত গ’লৰক্ষক কৰ্মশালা অনুষ্ঠিত কৰাৰ পিছত ১৪ ডিচেম্বৰত মেচ ডে’ অনুষ্ঠিত কৰিব৷ মুঠ ৪৮ জন গ’লৰক্ষক আৰু ২৯ জন প্ৰশিক্ষক ক্লিনিকৰ অংশ হ’ব, য’ত গ’লৰক্ষকৰ ওপৰত তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা অধিবেশন অনুষ্ঠিত হ’ব৷