কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হৈছে গঁড় গণনা। গঁড় গণনাৰ অন্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা বৃদ্ধি পাইছে। ২০১৮ চনৰ গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছিল ২৪১৩ টা গঁড়। চাৰি বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ২০০ টা গঁড়। বৰ্তমানা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে ২৬১৩ টা গঁড়।

যোৱা ২৫ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ তিনিদিনীয়া কৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনা কৰা হয়। ২৮ মাৰ্চত গঁড়ৰ গণনা সম্পন্ন হোৱাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত গঁড়ৰ সংখ্যা বৃদ্ধি পাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০০ টা গঁড় বৃদ্ধি পোৱা বুলি গণনাৰ অনন্ত প্ৰকাশ কৰা হৈছে। বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে ২৬১৩ টা গঁড়।

চাৰি বছৰ পূৰ্বে অৰ্থাৎ ২০১৮ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনা অন্তত উদ্যানখনত ২৪১৩ টা গঁড় থকা বুলি জানিব পৰা গৈছিল। চাৰি বছৰ পিছত পুনৰ গঁড় গণনা কৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ২০০ টা বৃদ্ধি পাইছে। গঁড় গণনা কাৰ্যত গণনাকাৰী, পৰ্যবেক্ষক, সংবাদকৰ্মী আৰু হাতীসহ মুঠ ২৫২ গৰাকী বনকৰ্মীক জড়িত আছিল।

উল্লেখ্য যে এইবাৰ পোন প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনা কাৰ্যত ড্ৰ’নৰ ব্যৱস্থা কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে পবিতৰা অভয়াৰণ্যতো গঁড় গণনাৰ অন্তত অভয়াৰণ্যখনত গঁড়ৰ সংখ্যা বৃদ্ধি পাইছে। ২২ আৰু ২৩ মাৰ্চত পবিতৰা অভয়াৰণ্যত গঁড়ৰ পিয়ল কাৰ্য সফলতাৰে সম্পন্ন কৰা হয়। পবিতৰা অভয়াৰণ্যত ৫ টা গঁড় বৃদ্ধি পাইছে।