গুৱাহাটী : বিকী আলীৰ এনকাউণ্টাৰৰ তদন্তৰ নিৰ্দেশ আদালতৰ। গাড়ীগাঁও কিশোৰী ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকী আলীৰ আৰক্ষীৰ গুলীত মৃত্যু হৈছিল। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বিকী আলীক লক্ষ্য কৰি গুলী চালনা কৰোতে মৃত্যু হৈছিল বিকী আলীৰ। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক তদন্তৰ দায়িত্ব অৰ্পণ।

সমগ্ৰ ৰাজ্য কঁপাই যোৱা মহানগৰী গুৱাহাটীৰ গাড়ীগাঁৱৰ কিশোৰী ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকী আলীৰ কিছুদিন পুর্বে আৰক্ষীৰ গুলীত মৃত্যু হৈছিল। আৰক্ষীয়ে দামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা বিকী আলীয়ে আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বিকী আলীক লক্ষ্য কৰি গুলী চালনা কৰাত থিতাতে নিহত হৈছিল বিকী আলী। ইয়াৰ পিছতে এই এনকাউণ্টাৰৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ধৰ্ষণৰ অভিযুক্ত বিকী আলীৰ পৰিয়ালে দাবী কৰিছিল যে বিকী আলীয়ে আত্মসমৰ্পণ কৰিছিল গতিকে আত্মসমৰ্পণ কৰাৰ পিছত বিকী আলী পলায়ন কৰা নাছিল। আৰক্ষীয়ে বিকী আলীক হত্যা কৰিছিল বুলিও পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল। অৱশেষত কিশোৰী ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকী আলীৰ এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে আদালতে।

আদালতে বিকী আলীৰ এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক। অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসে ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। অসম মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক তদন্তৰ প্ৰতিবেদন ১৫ দিনৰ ভিতৰত দাখিল কৰিব লাগিব অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসে।

উল্লেখ্য যে গাড়ীগাঁৱৰ এগৰাকী কিশোৰীক পাঁচজনকৈ যুৱকে ধর্ষণ কৰিছিল। হোটেলৰ কোঠাত পাঁচ যুৱকে ধর্ষণ কৰিছিল কিশোৰী গৰাকীক। এই ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত আছিল বিকী আলী। বিকী আলী কিশোৰী গৰাকীৰ প্ৰেমিক আছিল। ধর্ষণকাণ্ডৰ পিছত বিকী আলীসহ আন চাৰি অভিযুক্ত পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত কামৰূপ জিলাৰ দামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বিকী আলীক।

১৬ মাৰ্চত আৰক্ষীয়ে দামপুৰৰ পৰা বিকী আলীক গ্ৰেপ্তাৰ কৰাৰ পিছত বিকী আলী আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায়। আৰক্ষীয়ে বিকী আলীক লক্ষ্য কৰি গুলী চালনা কৰাত থিতাতে নিহত হৈছিল বিকী আলী। এই ধর্ষণকাণ্ডৰ আন দুজন অভিযুক্ত গ্ৰেপ্তাৰ হৈছে যদিও দুজন অভিযুক্ত বর্তমানেও পলাতক অৱস্থাত আছে। পলাতক দুজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।