গুৱাহাটী, ১১ ডিচেম্বৰ, ২০২৪ : কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত বুধবাৰে জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ কামৰূপ মহানগৰ জিলা যানবাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মা, পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস, কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজীৎ চৌধুৰী, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ, নিতু চেতিয়া, যানবাহন পৰিদৰ্শক পংকজ কুমাৰ দাসকে ধৰি জিলা পথ সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ, স্বাস্থ্য আদি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয়।
বৈঠকত ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ সময়ছোৱাত জিলাখনৰ সমীপৱৰ্তী অঞ্চলত কোনো বনভোজ দলৰ চালকে যাতে সুৰাপান কৰি বাহন চলাই অনাকাংক্ষিত দুৰ্যোগ-দুৰ্ঘটনা মাতি আনিব নোৱাৰে সেই সন্দৰ্ভত অধিক সতৰ্ক হোৱাৰ লগতে সকলো সময়তে যানবাহন আইন মানি চলাত জিলা আয়ুক্তগৰাকীয়ে অধিক গুৰুত্ব আৰোপ কৰে। এইক্ষেত্ৰত পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহক যথাযথ ব্যৱস্থা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ বিশেষকৈ আগন্তুক ৩১ জানুৱাৰীলৈকে জিলাখনত এজনো লোক যাতে কোনো পথ দুৰ্ঘটনাত নিহত হ’বলগীয়া নহয় তাত সৰ্বাধিক গুৰুত্ব দিয়া হয়। ঘাইপথৰ কাষৰ ধাবাসমূহত সকলো সময়তে চোকা দৃষ্টি ৰাখিবলৈ আবকাৰী বিভাগক জিলা আয়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।
একেদৰে নিশা হোৱাৰ লগে লগে কুঁৱলীৰ ডাঠ আচ্ছাদনত ৰাজপথ মনিব নোৱাৰা অৱস্থাত ক’তো যাতে দুৰ্ঘটনা সংঘটিত নহয় তাৰবাবে সকলো শ্ৰেণীৰ বাহনৰ চালককে অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। ইফালে গুৰুত্বপূৰ্ণ বৈঠকখনত পথ সুৰক্ষা সজাগতাৰ বাবে ৰাজহুৱা স্থানত মাইকযোগে ঘোষণা, শৈক্ষিক প্ৰতিষ্ঠানত সজাগতা অনুষ্ঠান, ট্ৰমা কেয়াৰ চেন্টাৰত তাৎক্ষণিকভাৱে সকলো ধৰণৰ উন্নত চিকিৎসা প্ৰদান আদি বিষয়সমূহত আলোচনা কৰা হয়।