ৰঙিয়া, ২৬ মেঃ গুৱাহাটীকে ধৰি কামৰূপৰ বিভিন্ন স্থানত বাইক চুৰি কৰি সন্ত্ৰাস চলোৱা দুই গভাইত চোৰত ৰঙিয়া আৰক্ষীয়ে আটক কৰে৷ ৰঙিয়া ৰে’লৱে আস্থানৰ পৰা মটৰ চাইকেল চুৰি কৰি থকা অৱস্থাত আস্থানৰ গাড়ী চালক সকলে দুই বাইক চোৰক কৌশলেৰে হাতে লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । পাছত স্থানীয় লোকে দুই বাইক চোৰক উত্তম-মধ্যম শোধাই ৰে’ল আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে ধৃত দুই চোৰ হৈছে ওদালগুৰিৰ মিথিংগা দৈমাৰী আৰু মনোজ দৈমাৰী। ৰঙিয়াৰ পৰা ধাৰাবাহিকভাৱে বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা  মিথিংগা দৈমাৰী আৰু মনোজ দৈমাৰীৰ পৰা আৰক্ষীয়ে কেইবাটাও গাড়ীৰ চাবিৰ টোপোলা উদ্ধাৰ কৰে৷ কামৰূপ আৰক্ষীৰ নিদ্ৰাহৰণ কৰা এই দুই চোৰক ৰঙিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। মিথিংগা আৰু মনোজৰ পৰা আৰক্ষীয়ে বাইক চুৰি গেংটোৰ আন কেইজন সদস্যৰ তথ্য লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে।