মাজুলী, ২৬ মেঃ মাজুলী গড়মুৰ সদৰত যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সহযোগত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণক লৈ আছুৰ আঞ্চলিক সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদকাৰীসকলে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণক লৈ ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত যি আধাৰশিলা স্থাপন কৰিছিল, সেই দলঙৰ কাম কেতিয়া আৰম্ভ হ’ব, মাজুলী-যোৰহাট সংযোগী দলঙৰ সম্পৰ্কত মাজুলী লখিমী পথাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক, মাজুলী দলং সম্পৰ্কত কেন্দ্ৰীয় পথ পৰিৱহন মন্ত্ৰীৰ ৰাজহুৱা প্ৰতিশ্ৰুতি ৰক্ষা কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্য্য ভূঞাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, আমাক দলং লাগে বাবেই দলং বিচৰা নাই, যেতিয়া এজন শিক্ষাৰ্থীয়ে বাৰিষা ফেৰি নচলাৰ বাবে এডমিশ্বন ল’ব নোৱাৰা হয়, ৰোগী মৃতদেহ ঘাটত অপেক্ষা কৰি থকা এই সমস্যা সমূহৰ পৰা পৰিত্ৰাণ পাবলৈ দলঙৰ দাবী জনাইছিলো। কিন্তু এবছৰ পাৰ হ’ল দলঙৰ কোনো কাম আগ নাবাঢ়িল। শীঘ্ৰে চৰকাৰে এই ক্ষেত্ৰত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম।