ৰঙিয়া, ১২ মেঃ ৰঙিয়াৰ জনলক্ষ্মী বিত্তীয় প্ৰতিস্থানৰ এজেন্ট এজনৰ পৰা ডকাইতে লুটিলে লক্ষাধিক টকা৷ বাইকত অহা ৫ জনীয়া ডকাইতৰ দলে দিনতে অস্ত্ৰ দেখুৱাই এজেন্ট জনৰ পৰা লুটি নিয়ে লক্ষাধিক টকা৷ বিত্তীয় প্ৰতিস্থানটোৰ এজেন্ট মাইনুদ্দিন আহমেদে গোপালপুৰৰ পৰা ঋণৰ ধন সংগ্ৰহ কৰি ৰঙিয়ালৈ উভতি অহা পথত দুখন পালচাৰ বাইকত অহা ৫ জনীয়া দুৰ্বৃত্তৰ দলে আগচি ধৰে৷ দুৰ্বৃত্তৰ দলটোৱে বিত্তীয় প্ৰতিস্থানটোৰ এজেন্ট জনক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰি চোকা অস্ত্ৰ দেখুৱাই মৃত্যুৰ ভাবুকি দি টকাৰ বেগটো কাঢ়ি পলায়ন কৰে৷ গুৰুতৰভাৱে আহত এজেন্ট জনক পিছত ঘটনাস্থলীৰ পৰা বিত্তীয় প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে থানালৈ আনি চিকিৎসাৰ ব্যৱস্থা কৰে৷ উল্লেখ্য যে, শেহতীয়াকৈ  ৰঙিয়াত কেইবাটাও ডকাইতি ঘটনা সংঘটিত হৈছে৷ কেতিয়াবা যদি বাইকত অহা দুৰ্বৃত্তই আক্ৰমণ কৰি ডকাইতি কাণ্ড সংঘটিত কৰে, কেতিয়াবা আকৌ বান্দৰ কেঁকোৱা দি টকা লৈ উধাও হয় দুৰ্বৃত্ত৷ কিন্তু ইয়াৰ পিছতো আৰক্ষীয়ে কোনো এজন ডকাইতকে কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত আৰক্ষীৰ ভূমিকাত সন্দেহ ব্যক্ত কৰিছে স্হানীয় লোকে৷