উত্তৰ প্ৰদেশ, ১২ মেঃ উত্তৰ প্ৰদেশত বিজেপি চৰকাৰ গঠনৰ পিছতে অবৈধ কছাইখানা বন্ধ কৰিছিল মুখ্যমন্ত্ৰী যোগীয়ে৷ ইয়াৰ পিছতে কছাইখানাৰ অনুজ্ঞাপত্ৰ লাভ কৰাটো অতিকৈ কঠিন হৈ পৰিছিল উত্তৰ প্ৰদেশত৷ কিন্তু উত্তৰ প্ৰদেশৰ উচ্চ ন্যায়ালয়ে কছাইখানা অনুজ্ঞাপত্ৰক লৈ ৰাজ্যখনৰ যোগী চৰকাৰলৈ জাৰি কৰিছে এক নিৰ্দেশনা৷ এই নিৰ্দেশ অনুসৰি উচ্চ ন্যায়ালয়ে যোগী চৰকাৰক  নতুনকৈ কছাইখানাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ আদেশ দিছে৷ ন্যায়ালয়ে পুৰণি কছাইখানাৰ অনুজ্ঞাপত্ৰ আকৌ নৱীকৰণ কৰাৰো নিৰ্দেশ দিছে৷ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কছাইখানাক লৈ দিয়া এক শুনানিত যোগী চৰকাৰক নিয়ম অনুযায়ী কছাইখানাৰ পুৰণি অনুজ্ঞাপত্ৰ নৱীকৰণ কৰাৰ লগতে নতুনকৈ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰাসকলো যদি নিয়মৰ অন্তৰ্গত হয়, তেন্তে তেওঁলোককো অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে৷ উচ্চ ন্যায়ালয়ে চৰকাৰক কয় যে আপুনি মানুহৰ খাদ্যৰ ওপৰত বাধা দিব নোৱাৰে৷ উল্লেখ্য যে যোগী চৰকাৰ গাদীত অহাৰ লগে লগে অবৈধ কছাইখানা বন্ধ কৰিছিল৷ যাৰ পিছত প্ৰদেশখনত থকা মাংস ব্যৱসায় সকলে প্ৰতিবাদ কৰিছিল৷ পিছত মুখ্যমন্ত্ৰী যোগীয়ে মাংস ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ লগত আলোচনা কৰি এওঁলোকৰ সমস্যাৰ বুজে লয়৷