গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জুলাই : সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী সভাগৃহত গীত মাত কবিতাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি দুখনকৈ গ্ৰন্থ উন্মোচন কৰাৰ লগতে যুৱ বিজ্ঞানী সৌৰভ জ্যোতি শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।আউনিহাটী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰা আড়ম্বনপূৰ্ণ সভাখন পৰিচালনা কৰে সাংস্কৃতিক মহাসভাৰ উপ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মাই।

সভাত অসম সাহিত্যৰ সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী মূখ্য অতিথি হিচাপে উপস্থিত থাকি অসমীয়া ভাষা সাহিত্যৰ ওপৰত বিশেষ ভাবে মতপোষণ কৰি নিজৰ ভাষা সাহিত্য হকে আমি সকলোৱে কাম কৰিব লাগিব । আনহাতে প্ৰসংগক্ৰমে ডঃ ৰাজবংশীয়ে সুগন্ধি পখিলাৰ কবি জনাৰ সৃষ্টি ৰাজিৰ ওপৰতো মত বিনিময় কৰে।

ইফালে নিজৰ উন্মোচনী ভাষণত ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে আধ্যাত্মিকতাৰ ওপৰত বিশেষ ভাবে বক্তব্য ৰাখি কয় যে মানুহৰ মনত অনুভূতি জাগৃত নহলে সৃষ্টি সম্ভৱ নহয়। তেওঁ ইয়াকো কয় আজি উন্মোচন হোৱা গ্ৰন্থ দুখনে অসমীয়া সাহিত্যত এক বিশেষ স্থান লাভ কৰিব বুলি আশা কৰিব পাৰি।

উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত গণেশ মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষা মীনু ভূঞাৰ শান্তিৰ মহা ঋতু আৰু চিনু বৰা শইকীয়াৰ অনন্য যাত্ৰা নামৰ গ্ৰন্থ দুখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।অনুষ্ঠানত সাংস্কৃতিক মহাসভাৰ সভাপতি শংকৰ দাসো উপস্থিত থাকে।