পলাশবাৰী, সংবাদ ৩৬৫, ২৭ জুলাই : মহানগৰীৰ সমীপৰ ৰাণীস্থিত সীমা সুৰক্ষা বাহিনীৰ কাৰ্গিল বিজয় দিৱস উদযাপন । ১৯৯৯ চনৰ ২৬ জুলাইৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধৰ সমাপ্তি ঘটিছিল । সেই উপলক্ষে ২৬ জুলাইপৰা সপ্তাহযুৰি কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে ।

শনিবাৰে মহানগৰীৰ সমীপৰ ৰাণীস্থিত সীমা সুৰক্ষা বাহিনী(BSF) আৰু এন ডি আৰ এফয়ে পালন কৰিলে কাৰ্গিল বিজয় দিৱস । ৰাতিপুৱাই খানাপাৰাৰ পৰা ৰাণীৰ সীমা সুৰক্ষা বাহিনীৰ কেন্দ্ৰলৈ মটৰ চাইকেলৰ এক বৃহৎ ৰেলী উলিওৱা হয় । তাৰপিছতে শ্বহীদ সকলোক স্মৰণ কৰি ভাৰত-পাকিস্থানৰ মাহত হোৱা কাৰ্গিল যুদ্ধৰ তথ্যচিত্ৰও প্ৰদৰ্শন কৰাৰ লগতে সীমা সুৰক্ষা বাহিনীৰো এক তথ্যচিত্ৰ প্ৰদৰ্শন কৰে ।