নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী, ২০২৫ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আসন্ন ছিজনৰ বাবে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাইৰাজ বহুতুলেক দলটোৰ স্পিন বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা আজি ঘোষণা কৰিছে৷ ২০১৮-২১ বৰ্ষৰ পাছত পুনৰ ৰয়েলছলৈ উভতি আহিছে আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা অভিজ্ঞতাৰে সমৃদ্ধি ৫২ বছৰীয়া ক্ৰিকেটাৰজন৷ উল্লেখ্য যে মুম্বাইৰ লগতে অসমৰ হৈয়ো ৰঞ্জী ট্ৰফী খেলা ছাইৰাজ বহুতুলেৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৬৩০ টাতকৈও অধিক উইকেট আৰু ছয় হেজাৰ ৰান সংগ্ৰহৰ আকৰ্ষণীয় অভিলেখ আছে৷
ভাৰতীয় দলৰ হৈ ছাইৰাজ বহুতুলে দুখন টেষ্ট আৰু আঠখন এদিনীয়া খেলিছে৷ পৰৱৰ্তী সময়ত ছাইৰাজ বহুতুলে সফল প্ৰশিক্ষকৰ কেৰিয়াৰ আগবঢ়াই নি মুম্বাই, বংগ, কেৰালা আৰু ভাৰতীয় ৰাষ্ট্ৰীয় পুৰুষ দলৰ মেণ্টৰিং ৰূপে দায়িত্ব পালন কৰিছিল য’ত ছাইৰাজ বহুতুলে উদীয়মান প্ৰতিভা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ ছাইৰাজ বহুতুলেক দললৈ আদৰণি জনাই ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কয় “স্পিন বলিঙৰ বিষয়ে ছাইৰাজৰ গভীৰ জ্ঞান আৰু তেওঁৰ বিস্তৃত প্ৰশিক্ষক অভিজ্ঞতাই আমাৰ দলৰ বাবে এক অমূল্য সংযোজন কৰি তুলিছে৷ যুৱ বলাৰক মেণ্টৰ কৰাৰ তেওঁৰ প্ৰমাণিত ক্ষমতা ৰাজস্থান ৰয়েলছত আমাৰ দৃষ্টিভংগীৰ সৈতে একেবাৰে মিল আছে৷ ইয়াৰ পূৰ্বেও তেওঁৰ সৈতে কাম কৰাৰ বাবে মই নিশ্চিত যে তেওঁৰ অন্তৰ্দৃষ্টি আৰু নেতৃত্বই আগন্তুক ছিজনত আমি উৎকৃষ্টতাৰ বাবে চেষ্টা কৰাৰ লগতে আমাৰ খেলুৱৈসকলক যথেষ্ট উপকৃত কৰিব৷”
ইফালে, ৰাজস্থান ৰয়েলছলৈ ঘুৰি আহি উৎসাহ প্ৰকাশ কৰি ছাইৰাজ বহুতুলে কয় “ৰাজস্থান ৰয়েলছত পুনৰ যোগদান কৰাটো এক ডাঙৰ সন্মান৷ প্ৰতিভাক লালন-পালন কৰাৰ ৰাজস্থান ৰয়েলছৰ দায়বদ্ধতা মোৰ নিজৰ প্ৰশিক্ষক দৰ্শনৰ সৈতে অনুৰণিত৷ মই ৰাহুল আৰু বাকী প্ৰশিক্ষক কৰ্মচাৰীৰ সৈতে কাম কৰি আমাৰ বলিং আক্ৰমণৰ বিকাশ আৰু দলৰ সফলতাত অৰিহণা যোগাবলৈ আগ্ৰহী৷ আমি একেলগে আগন্তুক ছিজনত সফলতা অৰ্জনৰ লক্ষ্য ৰাখিছো৷”