গুৱাহাটী, ২৭ এপ্ৰিলঃ অসম চৰকাৰৰ অধীনস্থ ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদৰ দ্বাৰা দুবছৰীয়া প্ৰাথমিক শিক্ষাৰ প্ৰশিক্ষণ চমুকৈ ডিইএলইডি উৰ্ত্তীণসকলে তেওঁলোকৰ চাৰ্টিফিকেট চৰকাৰক ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে৷ আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে সদৌ অসম ডিইএলইডি এছ’ছিয়েছনৰ সভাপতি নাজিৰুল হকে এই তথ্য সদৰি কৰে৷ সন্মিলনৰ সভাপতি হকে কয় যে সদৌ অসম ডিইএলইডি এছ’ছিয়েছনে বহুবাৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী লগতে শিক্ষা সচিবক সাক্ষাৎ কৰি তেওঁলোকৰ নিযুক্তিৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে স্মাৰক পত্ৰও প্ৰদান কৰিছে৷ চৰকাৰখনে ডিএলএড উৰ্ত্তীণসকলক প্ৰতিবাৰে প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে৷ শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে টেট উৰ্ত্তীণসকলক নিযুক্তিৰ ক্ষেত্ৰত ডিইএলইডি ডিগ্ৰী বাধ্যতামূলক নহয় বুলি কৰা ঘোষনাই ডিইএলইডি উৰ্ত্তীণসকলৰ প্ৰতি চৰকাৰৰ চূড়ান্ত দ্বায়িত্বহীনতাক পুনৰবাৰ প্ৰকাশ কৰিলে৷ যদি দুই ঘন্টীয়া পৰীক্ষাত উৰ্ত্তীণ টেট পাছ কৰা সকলে শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰে তেন্তে দুবছৰীয়া ডিএলএড প্ৰশিক্ষণ সমাপ্ত কৰাসকল কিয় শিক্ষক হোৱাৰ যোগ্য নহয়৷ সন্থাই ডিএলএড উৰ্ত্তীণসকলক টেট উৰ্ত্তীণসকলৰ লগত একেলগে নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে৷ অন্যথা ডিএলএড উৰ্ত্তীণসকলে চৰকাৰৰ প্ৰতাৰণাৰ প্ৰত্যুতৰত চাৰ্টিফিকেটসমূহ ঘূৰাই দিয়াৰ হুংকাৰ দিয়ে৷