নিউজ ডেস্ক, ৫ আগষ্ট, ২০২৪ : বাংলাদেশত চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতি এতিয়া অধিক তীব্ৰতৰ হৈ পৰিছে। পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই (Seikh Hasina) দেশ এৰি গৈছে। খবৰ অনুসৰি শ্বেখ হাছিনাইও প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি বাংলাদেশৰ সেনা প্ৰধানগৰাকীয়ে দেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ ঘোষণা কৰিছে। বাংলাদেশত সংৰক্ষণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই হিংসাত্মক ঘটনাত এতিয়ালৈকে কমেও ৩০০ লোকৰ মৃত্যু হৈছে।

পৰিস্থিতি অধিক ভয়াৱহ হোৱা দেখি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি গৈছে। একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি হেলিকপ্টাৰেৰে ভাৰতলৈ ৰাওনা হৈছে। ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি শ্বেখ হাছিনাই নিজৰ ভগ্নীক লৈ ভাৰতলৈ ৰাওনা হৈছে। একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ ভগ্নীক চৰকাৰী বাসগৃহৰ পৰা আঁতৰত নিৰাপদ আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে। ইয়াৰ কিছু সময়ৰ পাছতে আন এক প্ৰতিবেদনত কোৱা হৈছিল যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ভাৰতলৈ ৰাওনা হৈছে। ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি শ্বেখ হাছিনা ভগ্নীক লৈ ভাৰতলৈ ৰাওনা হৈছে।

আনহাতে একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বেখ হাছিনাই হয়তো লণ্ডনলৈও যাব পাৰে। বাংলাদেশত আৰক্ষী আৰু ছাত্ৰ প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছে আছে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে বিতৰ্কিত সংৰক্ষণ ব্যৱস্থা বিলুপ্ত কৰাৰ দাবী জনাইছে। ইয়াৰ অধীনত ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালৰ বাবে ৩০ শতাংশ চৰকাৰী চাকৰি সংৰক্ষিত কৰা হৈছে। শ্বেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ জয়ই সকলো দুষ্কৃতিকাৰীক বাধা দিবলৈ নিৰাপত্তা বাহিনীক অনুৰোধ জনাইছে। আমেৰিকাত বাস কৰা শ্বেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ জয়ই ফেচবুক পোষ্টত কয় যে আপোনাৰ কৰ্তব্য হৈছে আমাৰ জনসাধাৰণ আৰু আমাৰ দেশক সুৰক্ষিত ৰখা আৰু সংবিধান বজাই ৰখা। ইয়াৰ অৰ্থ হ’ল কোনো অনিৰ্বাচিত চৰকাৰক এক মিনিটৰ বাবেও ক্ষমতালৈ আহিবলৈ নিদিয়াটো আপোনাৰ কৰ্তব্য।’

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা সাজিব ৱাজেদ জয়ই সকীয়াই দিয়ে যে বাংলাদেশে কৰা অগ্ৰগতি বিপন্ন হ’ব পাৰে যদিহে তেওঁক পদৰ পৰা বহিষ্কাৰ কৰা হয়। আমাৰ বিকাশ আৰু প্ৰগতি সকলো নোহোৱা হৈ যাব। তাৰ পৰা উভতি আহিব নোৱাৰিব বাংলাদেশ। তেওঁ কয়, ‘মই এইটো নিবিচাৰো আৰু আপুনিও এইটো নিবিচাৰে। মই যেতিয়ালৈকে বন্ধ কৰিব পাৰো তেতিয়ালৈকে এনেকুৱা হ’বলৈ নিদিওঁ। হিংসাৰ মাজত সেনাৰ ভূমিকা সামৰিক মুখপাত্ৰই কয় যে এই উত্তেজনাৰ মাজতে বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানে দেশক সম্বোধন কৰিবলৈ ওলাইছে।

যোৱা মাহত অসামৰিক সেৱাৰ চাকৰিৰ কোটাৰ বিৰুদ্ধে আৰম্ভ হোৱা ৰেলী হাছিনাৰ ১৫ বছৰীয়া শাসনৰ আটাইতকৈ গুৰুতৰ অশান্তি আৰু পদত্যাগৰ ব্যাপক দাবীলৈ ৰূপান্তৰিত হৈছে।বাংলাদেশৰ সেনাই দেশখনৰ আইন-শৃংখলাৰ সকলো দায়িত্ব নিজৰ হাতত লৈছে। সেনাই আইন-শৃংখলা নিজৰ হাতলৈ লোৱাৰ পাছতো বাংলাদেশৰ পতিস্থিতি উত্তপ্ত হৈয়েই আছে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰী বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত প্ৰৱেশ কৰি প্ৰধানমন্ত্ৰীৰ বাসভৱন লণ্ডভণ্ড কৰিছে বুলিও জানিব পৰা গৈছে।