নিউজ ডেস্ক, ২৪ মাৰ্চ, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ১৬.৭ লাখ টকাৰ অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ। নিষিদ্ধ সামগ্ৰীসহ ১৭ জনক আটক (Seventeen Arrested)। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে ৰে’লৱেৰ জৰিয়তে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ১৮ তাৰিখৰ পৰা ২১ মাৰ্চ পৰ্যন্ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে আগৰতলা, ডিমাপুৰ, বাগডোগ্ৰা, ৰঙিয়া আৰু কিষাণগঞ্জ ৰে’ল ষ্টেচনত নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰাৰ বিৰুদ্ধে অভিযান চলায় আৰু প্ৰায় ১৬.৭ লাখ টকাৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে।

অভিযানকালত অভিযানকাৰী দলটোৱে মুঠ ১৬৭ কিলোগ্ৰাম ওজনৰ গাঞ্জা উদ্ধাৰ কৰে আৰু এই সন্দৰ্ভত ১৭ জন লোকক আটক কৰে। জব্দ কৰা সামগ্ৰীৰ সৈতে আটক কৰা লোকসকলক পিছত পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট অ’চি/জিআৰপি বা স্থানীয় আৰক্ষী থানাৰ হাতত অৰ্পণ কৰা হয়। ২০ মাৰ্চ তাৰিখে আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে আগৰতলা ৰে’ল ষ্টেচনত নিয়মীয়া অভিযান চলায়। অভিযানৰ সময়ত, বেগৰ সৈতে কেইজনমান সন্দেহজনক ব্যক্তি চিনাক্ত কৰে। বেগবোৰ খোলাৰ পিছত আনুমাণিক ৪.৮০ লাখ টকা মূল্যৰ  প্ৰায় ৪৮ কিলোগ্ৰাম ওজনৰ গাঞ্জা ধৰা পেলায়। এই সন্দৰ্ভত ছয়জন লোকক আটক কৰা হয়।

পিছত উদ্ধাৰ হোৱা গাঞ্জাৰ সৈতে আটক কৰা লোকসকলক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আগৰতলাৰ জিআৰপিৰ হাতত অৰ্পণ কৰা হয়। তদুপৰি, ১৮ তাৰিখৰ পৰা ২১ মাৰ্চ পৰ্যন্ত চলোৱা বিভিন্ন অনুসন্ধান আৰু অভিযানৰ সময়ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে বিভিন্ন ৰে’ল আৰু ষ্টেচনৰ পৰা ১১৯ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। গাঞ্জা উদ্ধাৰৰ সৈতে অভিযানৰ সময়ত এঘাৰজন লোককো আটক কৰা হয়। পিছত, উদ্ধাৰ কৰা গাঞ্জা  আৰু আটক কৰা লোকসকলক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগৰ হাতত অৰ্পণ কৰা হয়।

উল্লেখ্য যে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে ড্ৰাগছ মুক্ত দেশৰ উদ্দেশ্যৰ প্ৰতি, বিভিন্ন ৰে’ল ষ্টেচন আৰু ৰে’লত নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায় আৰু পৰিবহন সম্পৰ্কীয় কাৰ্যকলাপৰ প্ৰতি অবিৰতভাবে সতৰ্কতা অৱলম্বন কৰি আহিছে যাতে দেশখন ড্ৰাগছ মুক্ত হৈ থাকে। ‘লৱে সুৰক্ষা বাহিনীয়ে বিভিন্ন সময়ত ৰে’লযোগে নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰা সকলৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।