গুৱাহাটী, ২৪ মাৰ্চ, ২০২৪ : তৃতীয় উত্তৰ-পূব ক্ৰীড়াত যুৱ খেলুৱৈৰে গঠিত অসম দলৰ (Assam Team) চমকপ্ৰদ সফলতাৰ বাবে অসম অলিম্পিক সন্থাই সকলো খেলুৱৈ আৰু বিষয়াক শুভেচ্চা জনাইছে৷ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে এইবাৰৰ উত্তৰ পূব ক্ৰীড়াত যিসকল খেলুৱৈয়ে অসম দলৰ হৈ অংশ লৈছিল তাৰে ৯৫ শতাংশ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰাৰ লগতে চমকপ্ৰদ প্ৰদৰ্শনৰে সফলতা লাভ কৰি অসমক সৰ্বাধিক পদক জয়ৰ গৌৰৱ দিছে৷

‘যোৱা বছৰ মেঘালয়ত হোৱা উত্তৰ পূব ক্ৰীড়া আৰু গোৱাত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে নতুন দল প্ৰেৰণ কৰিছিল৷ এইবাৰ নাগালেণ্ডলৈ সেইসকল খেলুৱৈকো প্ৰেৰণ কৰা হোৱা নাছিল৷ বিপৰীতে ৯৫ শতাংশ নতুন খেলুৱৈৰে দল গঠন কৰি তেওঁলোকক এক্সপ’জাৰ দিয়াৰ সুযোগ অসম অলিম্পিক সন্থাই দিছিল৷ কিন্তু ৰাজ্যৰ প্ৰতিভাবান নৱাগত খেলুৱৈসকলে নগালেণ্ডত যি সফলতা পালে সেয়া অনন্য৷ এইসকল খেলুৱৈ অসমৰ বাবে নতুন সম্পদ৷’ উল্লেখ্য যে অসমে নাগালেণ্ডত শনিবাৰে সামৰণি পৰা তৃতীয় উত্তৰ-পূব ক্ৰীড়াত নিজৰ চমকপ্ৰদ প্ৰদৰ্শনৰে সৰ্বাধিক পদক জয়ৰ সফলতা লাভ কৰিছে৷

আঠখন ৰাজ্যৰ প্ৰায় আঢ়ৈ হেজাৰ খেলুৱৈয়ে অংশ লোৱা প্ৰতিযোগিতাখনত অসমে ৪৩ টা সোণ, ৪৪ টা ৰূপ আৰু ৫৩ টা ব্ৰঞ্জসহ মুঠ ১৪০ টা পদক লাভ কৰে৷ অৱশ্যে অসমৰ পদক জয়ৰ সংখ্যা সৰ্বাধিক যদিও দলটো তালিকাৰ তৃতীয় স্থানত থাকে৷ মণিপুৰে ৫২ টা সোণ, ৩৮ টা ৰূপ আৰু ৪০ টা ব্ৰঞ্জসহ মুঠ ১৩০ টা পদক লাভ কৰি প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে আয়োজক নাগালেণ্ডে ৪৮ টা সোণ, ৪২ টা ৰূপ আৰু ৪৪ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৩৪ টা পদক লাভ কৰি দ্বিতীয় হয়৷ ‘এইবাৰ উত্তৰ পূব ক্ৰীড়াত সাঁতোৰ আৰু ভাৰোত্তোলন নাছিল৷ বিগত দুখন ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু উত্তৰ পূৱ ক্ৰীড়াত অসমে এই দুবিধ খেলত সৰ্বাধিক পদক জয় কৰি চেম্পিয়ন হৈছিল৷ আমি দহটা সোণ কম পোৱাৰ কাৰণ এইটোৱে৷ আনহাতে, আৰম্ভনিতে এথলেটিকছ তথা অন্তিম দুটা দিনটোত আৰ্চাৰীয়ে স্বৰ্ণ জয়ৰ অভিলেখ গঢ়ি অসমক শীৰ্ষলৈ নিয়ে যদিও মল্লযুঁজৰ সকলো সোণ মনিপুৰে তথা বেল্ট ৰেষ্টলিঙত নাগালেণ্ডে একক সফলতা লাভ কৰাত অসমে সৰ্বাধিক পদক জয় কৰিও সৰ্বাধিক সোণ নাপালে৷ তথাপি অসমৰ নতুন খেলুৱৈয়ে ৰাজ্যৰ নাম উজ্বলাইছে৷’ কোঁৱৰে লগতে কয়৷

এইবাৰ উত্তৰ-পূব ক্ৰীড়াত অসমৰ প্ৰায় ৩৭০ জনীয়া এটা দেল প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা ১৫ বিধ খেলতে অংশ লৈছিল আৰু ফুটবলৰ বাবে সকলো ইভেণ্টত পদক পাবলৈ সক্ষম হয়৷ অসমে এথলেটিকছত ১৩ টা সোণসহ ২৪ টা পদক পোৱাৰ বিপৰীতে আৰ্চাৰীত ১১ টা সোণসহ ২৫ টা পদক পায়৷ টেবুল টেনিছত পাঁচটা সোণেৰে ১২ টা, বক্সিঙত চাৰিটা সোণসহ ১৫ টা, টাইকোৱান-ড’ত তিনিটা সোণসহ ১২ টা তথা পেনছাক চিলাটত দুটা সোণসহ ২০ টা পদক অৰ্জন কৰে৷ আনহাতে, বেডমিণ্টন আৰু উশ্বুত দুটাকৈ সোণ পোৱা অসমে টেনিছত এটা সোণ লাভ কৰে৷