গুৱাহাটী : অৱশেষত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে। কংগ্ৰেছ দলে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বন কৰিলে। দলীয় অনুশাসন ভংগ কৰাৰ বাবেই বিধায়ক শ্বেৰমান আলীক দলৰ পৰা নিলম্বন কৰিলে কংগ্ৰেছ দলে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই বাঘবৰ সমষ্টিৰ বিধায়ক গৰাকীক আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰে। গৰুখুটী উচ্ছেদকাণ্ডৰ পিছতে কংগ্ৰেছ দলৰ বিধায়ক গৰাকীয়ে শ্বহীদকলৈ আপত্তিজনক মন্তব্য প্ৰদান কৰিছিল।

বিধায়ক শ্বেৰমান আলী আহমেদৰ মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিভিন্ন দল-দল সংগঠনে শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে শ্বেৰমান আলী আহমেদক কংগ্ৰেছৰ দলৰ পৰা বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰিছিল।

কংগ্ৰেছৰ দলৰ ফালৰ পৰাও শ্বেৰমান আলী আহমেদক তেওঁৰ মন্তব্যকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল। শ্বেৰমান আলী আহমেদে শ্বাহীদকলৈ কৰা আপত্তিজনক মন্তব্যৰ পিছত দিছপুৰ আৰক্ষীয়ে শনিবাৰে নিশাৰ ভাগত শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰিছিল।