নিউজ ডেস্ক : কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আটক কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। লখিমপুৰ খিৰীত কৃষক সকলক সাক্ষাৎ কৰিবলৈ গৈ থকা অৱস্থাত আটক কৰা হয় প্ৰিয়ংকা গান্ধীক। উত্তৰ প্ৰদেশৰ লখিমপুৰ খিৰীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত ৪ জন কৃষকসহ মুঠ ৮ জন লোক নিহত হৈছিল।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী লখিমপুৰ খিৰীত কৃষক সকলক সাক্ষাৎ কৰিবলৈ দেওবাৰে নিশা প্ৰায় ১ বজাত লখিমপুৰ খিৰীলৈ গৈ থকা অৱস্থাত উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰিয়ংকা গান্ধীক আটক কৰে। লখিমপুৰ খিৰী পোৱাৰ পূৰ্বাই হাৰগাঁৱত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আটক কৰে আৰক্ষীয়ে। উত্তৰ প্ৰদেশ কংগ্ৰেছে অভিযোগ কৰে আৰক্ষীয়ে প্ৰিয়ংকা গান্ধীৰ লগত দূৰব্যৱহাৰ কৰে।

উত্তৰ প্ৰদেশ কংগ্ৰেছে পূৰ্বেই আশংকা প্ৰকাশ কৰিছিল যে প্ৰিয়ংকা গান্ধীক লখিমপুৰ খিৰীলৈ যোৱাত বাধা প্ৰদান কৰা হ’ব বুলি। উল্লেখ্য যে দেওবাৰে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ লখিমপুৰ খিৰী ভ্ৰমণৰ বিৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক সকলে। প্ৰতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰাত মুঠ ৮ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল।

দেওবাৰে কৃষক সকলৰ প্ৰতিবাদৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই কৃষক সকলক মহতিয়াই নিয়াৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল প্ৰতিবাদকাৰী কৃষক সকলে। অৱশ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রী অজয় মিশ্ৰই তেওঁৰ পুত্ৰ ঘটনাস্থলীত নাছিল বুলি দাবী কৰে। তেওঁ কয় যে ঘটনাৰ সময়ত তেওঁৰ পুত্ৰ উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ অনুষ্ঠানস্থলীত উপস্থিত আছিল।

দেওবাৰৰ লখিমপুৰ খিৰীৰ ঘটনাৰ পিছতে উত্তৰ প্ৰদেশৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। বিৰোধী দল সমূহৰ নেতা সকলে লগতে কৃষক নেতা সকলো লখিমপুৰ খিৰীলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। ইফালে কৃষক সকলে সোমবাৰে ঘটনাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘোষণা কৰিছে।