নলবাৰী, ৩১ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ স্থান দখলেৰে নলবাৰীলৈ গৌৰব কঢ়িয়ালে পাৰ্থ প্ৰতিম ভূঞাই৷ পাৰ্থই টিহু জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈ সৰ্বমুঠ ৫৮৯ নম্বৰ লাভ কৰে৷ নিয়মিত ভাৱে অধ্যয়ন কৰা পাৰ্থই বিভিন্ন সময়ত ছবি অঁকাৰ লগতে কম্পিউটাৰত গেম খেলি ভাল পায় । ভৱিষ্যতে আইআইটিৰ স্নাতক হোৱাৰ সপোন এইজন কৃতি ছাত্ৰৰ। পাৰ্থৰ পিতৃ মনোজ ভূঞা কোকৰাঝাৰ কৃষি গৱেষনা কেন্দ্ৰৰ অভিযন্তা আৰু মাতৃ কল্পনা চৌধুৰী ভূঞা টিহু মহাবিদ্যালয়ৰ দৰ্শন বিষয়ৰ প্ৰবক্তা।পুত্ৰৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ।।