গুৱাহাটী : শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পত্নী আৰু পুত্ৰ আক্রান্ত হৈছে ক’ভিডত। শুকুৰবাৰৰ পৰা শিৱসাগৰৰ বিধায়ক গৰাকীৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰ জ্বৰত ভুগি আছিল। ক’ভিড পৰীক্ষাৰ পিছত বিধায়ক অখিল গগৈৰ পত্নী আৰু পুত্ৰৰ শৰীৰত ধৰা পৰে ক’ভিড।

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক্ৰমাৎ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্রান্তৰ সংখ্যা। নৱ বৰ্ষৰ পিছৰে পৰা ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ কামৰূপ মহানগৰ জিলাত ক’ভিডৰ সংক্ৰমণ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। শুকুৰবাৰৰ দিনটোতে কামৰূপ মহানগৰ জিলাত ক’ভিডত আক্রান্ত হৈছিল ৮৭০ জন লোক।

ক’ভিড এই ভয়াবহ সংক্ৰমণৰ মাজতে এইবাৰ ক’ভিডত আক্রান্ত হৈছে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ পত্নী আৰু পুত্ৰ। শুকুৰবাৰে বিধায়ক গৰাকীৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰ জ্বৰত ভুগি আছিল। শনিবাৰে অখিল গগৈ, তেওঁৰ পত্নী আৰু পুত্ৰৰ ক’ভিড পৰীক্ষা কৰোৱা হয়।

ক’ভিড পৰীক্ষাৰ ফলাফলত বিধায়ক অখিল গগৈৰ পত্নী আৰু পুত্ৰৰ শৰীৰত ক’ভিডৰ অৱস্থিত ধৰা পৰে। শিৱসাগৰ বিধায়ক অখিল গগৈৰ পত্নী আৰু পুত্ৰ কভিডত আক্রান্ত হোৱা বুলি সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে।

উল্লেখ্য যে কভিড পৰীক্ষাৰ ফলাফলত বিধায়ক অখিল গগৈৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা ৰা নাই যদিও বিধায়ক অখিল গগৈ জ্বৰত আক্রান্ত হৈ আছে। অৱশ্যে বিধায়ক গৰাকীৰ ক’ভিড পৰীক্ষাৰ আন এটা ফলাফল এতিয়াও অহা নাই।