আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত উখল মাখল পৰিৱেশ। ৰংপুৰ মেলা উপলক্ষে ৰংঘৰৰ বাকৰিত উখল মাখল পৰিৱেশ। টাই আহোম যুৱ পৰিষদ অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত সম্প্ৰীতি আৰু সন্মন্বয়ৰ এনাজৰীৰে দ্বাদশ বাৰ্ষিক ৰংপুৰ মেলা অনুষ্ঠিত ৰংঘৰৰ বাকৰিত।

চহা কৃষক সকলৰ কষ্টৰ ফল সোণগুটিয়ে কৃষকসকলৰ ভঁৰাল শুৱনি কৰাৰ পিছতে ভোগৰ উৎসৱ ভোগালী বিহু উদযাপন কৰি পবিত্ৰ মেজিৰ জুইত সেৱা ল’লে অসমবাসীয়ে। সকলো অপায়-অমংগল দূৰ কৰাৰ বাবে আৰু মানৱ জাতিৰ কল্যাণৰ মেজিত অগ্নি সংযোগ কৰি অগ্নিক সেৱা জনালে প্ৰতিজন অসমীয়াই।

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘৰ বিহু পালনৰ পিছতে মাঘৰ প্ৰথমটো দিনা শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত দেখিবলৈ পোৱা গ’ল এক উখল মাখল পৰিৱেশ। টাই আহোম যুৱ পৰিষদ অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত সম্প্ৰীতি আৰু সন্মন্বয়ৰ এনাজৰীৰে দ্বাদশ বাৰ্ষিক ভোগালী মেলা আয়োজনকলৈ ৰংঘৰৰ বাকৰিত উখল মাখল পৰিৱেশ।

ৰংপুৰ মেলাৰ জৰিয়তে পৰম্পৰা ৰক্ষা আৰু অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ এইয়া এক সুন্দৰ প্ৰয়াস টাই আহোম যুৱ পৰিষদ অসমৰ। বিগত এঘাৰ বছৰ ধৰি।এই পৰম্পৰা অক্ষুণ্ণ ৰাখিছে টাই আহোম যুৱ পৰিষদ অসমে। পুৱা পতকা উত্তোলনেৰে আৰম্ভ হোৱা
ৰংপুৰ মেলাত বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্যৰ সমাহাৰ ঘটে।

এসময়ৰ আহোম স্বৰ্গদেউ সকলৰ ৰং-ধেমালিৰস্থান ৰংঘৰৰ বাকৰি পুনৰ উজ্জীৱিত হৈ উঠিল পৰম্পৰা ৰক্ষাৰ এই মেলাৰ মাধ্যমেৰে। আহোম ৰাজত্বৰ স্মৃতি আৰু সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী অটুট ৰাখিবৰ বাবেই মাঘ মাহৰ প্ৰথম দিনটোতে ২০১১ চনৰ পৰাই আয়োজন কৰি অহা এই ৰংপুৰ মেলাই এইবেলি সম্পূৰ্ণ কৰিলে ১২ বছৰ।

বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটোত এসময়ত আহোম স্বৰ্গদেউ সকলৰ দ্বাৰা আয়োজিত পৰম্পৰাগত খেল-ধেমালিৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ লগতে চুবুৰীয়া নগাৰাজ্যৰ আওসকলেও তেঁওলোকৰ মনোমোহা ৱাৰ নৃত্য প্ৰদৰ্শন কৰে। আহোম ৰাজত্বকালৰ পৰা চলি অহা ৰচী টনা, পিছল খুঁটাত বগোৱা, কড়ীখেল আদি বিভিন্ন পৰম্পৰাগত খেল-ধেমালিৰ আয়োজনেৰে ৰংঘৰৰ বাকৰি জীপাল হৈ পৰে।

বিহু নৃত্য, নগাআও জনগোষ্ঠীৰ ৱাৰ নৃত্য, তিৱা নৃত্য, কাৰ্বি নৃত্য, মৰাণ বিহু দল লগতে কেইবাটাও জনগোষ্ঠীয়ে তেওঁলোকৰ লোকনৃত্য প্ৰদৰ্শন কৰে।।গছতলৰ পৰা ৰংঘৰৰ বাকৰিত বিহুক ৰাজকীয় মৰ্যাদা দি বিহুৰ উত্তৰণ ঘটোৱা আহোম স্বৰ্গদেউ সকলৰ এই প্ৰচেষ্টাক ৰংপুৰ মেলা আয়োজনেৰে টাইপা শিৱসাগৰ জিলা সমিতিয়ে অনাগত দিনত অব্যাহত ৰাখিব।