শিৱসাগৰ, ২ডিচেম্বৰ: শিৱসাগৰৰ ডিমৌৰ কাষৰীয়া দিচাংঘাটত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰিল নৈশ বাছ। দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে কুৰিজনৰো অধিক। নিহত লোকজনৰ নাম আবুল হুচেইন। তেওঁ কন্যাৰ সৈতে আহিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ। লোকজন অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য। কেইবাজনকো সংকটজনক অৱস্থাত ডিব্ৰুগড় এ এম চিলৈ প্ৰেৰণ কৰা হৈছে। প্ৰাপ্ত তথ্য মতে, ঘন কুঁৱলিৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি অনুমান কৰা হৈছে। আহত লোকসকলক জৰুৰী চিকিৎসা প্ৰদানত পৰ্যাপ্ত জৰুৰী এম্বুলেন্স সেৱাৰ অভাৱৰ অভিযোগ কৰিছে আহতসকলে। দুৰ্ঘটনাস্থলীত পলমকৈ শিৱসাগৰ আৰক্ষী উপস্থিত হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক।