নিউজ ডেস্ক, ২৯ আগষ্ট, ২০২৩ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ধৰ্মনগৰ ৰে’ল ষ্টেচনৰ পৰা ৬ জন ৰহিংগীয়াক (Rohingia) আটক। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ২৮ আগষ্ট, ২০২৩ তাৰিখে ধৰ্মনগৰ ৰে’লৱে ষ্টেচনৰ পৰা ৬ জন ৰহিংগীয়াক আটক কৰিবলৈ সক্ষম হৈছে।

ৰে’লৱে সুৰক্ষা বাহিনী আৰু জিআৰপিৰ এটা যুটীয়া দলে নিয়মীয়া অনুসন্ধান অভিযানৰ সময়ত ধৰ্মনগৰ ৰে’ল ষ্টেচনত এদল লোকৰ সন্দেহজনক কাৰ্যকলাপ চিনাক্ত কৰে। দলটোত পাঁচগৰাকী মহিলা আৰু এজন পুৰুষ আছিল। সোধাপোছা কৰোতে তেওঁলোকে কোনো বৈধ নথি পত্ৰ দেখুৱাব নোৱাৰিলে।

পিছত, তেওঁলোকে স্বীকাৰ কৰে যে তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু বাংলাদেশৰ কক্সবজাৰৰ ওচৰৰ শৰণাৰ্থী শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছিল। পৰৱৰ্তী সময়ত সকলো ৰহিংগীয়াক আটক কৰি পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ধৰ্মনগৰ ৰে’ল আৰক্ষী হাতত গতাই দিয়া হয়।

উল্লেখ্য যে জানুৱাৰী, ২০২৩ ৰ পৰা ২৮ আগষ্ট, ২০২৩ লৈকে, ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনত মুঠ ২৩২ জন অবৈধ প্ৰব্ৰজনকাৰী (ৰহিংগীয়া আৰু বাংলাদেশী)ক আটক কৰা হৈছে। ষ্টেচন আৰু ৰে’লসমূহত নিয়োজিত ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকল সীমান্ত অঞ্চলৰ পৰা অবৈধ অনুপ্ৰৱেশৰ প্ৰতি সদায়েই সতৰ্ক আৰু সজাগ হৈ থাকে।

ৰে’লৱে সুৰক্ষা বাহিনীয়ে অবৈধ অনুপ্ৰৱেশ প্ৰতিৰোধ কৰিবলৈ ৰে’লৱে ষ্টেচন আৰু ৰে’লসমূহত দৃঢ়তাৰে নিয়মীয়া অনুসন্ধান অব্যাহত ৰাখি আহিছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ লগতে ৰে’লৱে আৰক্ষীয়ে চোৰাং সামগ্ৰী আৰু ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধেও ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত ইতিমধ্যে ৰে’ল আৰক্ষীয়ে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।