তিনিচুকীয়া, ২৮ আগষ্ট, ২০২৩ : অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) আন এক বৃহৎ সাফল্য। তিনিচুকীয়াত পুনৰ অসম আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ। প্ৰায় ১ কোটি ৫০ লাখ টকা মূল্যৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল তিনিজন ড্ৰাগছ সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন কৰিমগঞ্জ জিলাৰ। এখন বাহনত অতি কৌশলেৰে লুকুৱাই আনিছিল ড্ৰাগছখিনি। ৫৭ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ৭০০ গ্ৰাম হেৰ’ইন।

অসম আৰক্ষীয়ে ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি থকাৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে অসম আৰক্ষীৰ চকুত ধূলি দি অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ নতুন নতুন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছিল। ড্ৰাগছ সৰবৰাহকাৰী সকলৰ এনে বহু কৌশল আৰক্ষীয়ে বিফল কৰিবলৈ সক্ষম হৈছে। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও উল্লেখযোগ্য সাফল্য লাভ কৰা দেখিবলৈ পোৱা গৈছে।

এইবাৰ তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰায় ১ কোটি ৫০ লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। এখন বাহনত তালাচী চলাই ড্ৰাগছখিনি জব্দ কৰে তিনিচুকীয়া আৰক্ষীয়ে। এছটিএফ গুৱাহাটীৰ পৰা লাভ কৰা এক গোপন খবৰৰ ভিত্তিত তিনিচুকীয়া আৰু কাকপথাৰ আৰক্ষীৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযানত জব্দ হয় হেৰ’ইনখিনি।

তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসন আৰু কাকপথাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ৫৭ টা চাবোনৰ বাকচত লুকুৱাই অনা প্ৰায় ৭০০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।ডিমাপুৰৰ পৰা কাকপথাৰ চহৰৰ মাজেদি অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰিবলৈ লওঁতে আৰক্ষীৰ দলটোৱে জব্দ কৰে এই বুজন পৰিমাণৰ হেৰইন। ড্ৰাগছ সৰবৰাহকাৰীয়ে অতি কৌশলেৰে এ এছ-০৪-পি-৭০১০ নম্বৰৰ ছুইফট ডিজাইয়াৰ বাহনত লুকুৱাই আনিছিল হেৰ’ইনখিনি।

উক্ত বাহনখনৰ উপৰি এএছ-০১-বিভি-৩০৯২ নম্বৰৰ আন এখন এল্ট বাহন জব্দ কৰি তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ অভিযানকাৰী দলটো।ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ জিম্মাৰ পৰা নগদ ১৩ হাজাৰ টকা ৫ টা স্মাৰ্ট ম’বাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য ১ কোটি ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন কৰিমগঞ্জৰ চিফলু আহমেদ, মাৰুফ আহমেদ আৰু আবিদুল হক।

উল্লেখ্য যে সম্প্ৰতি ড্ৰাগছ সৰবৰাহ ট্ৰেনজিত পইণ্টলৈ পৰিণত হৈছে সমগ্ৰ তিনিচুকীয়া জিলা। তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে তিনিচুকীয়াৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। উল্লেখ্য যে শেহতীয়াকৈ স্বাস্থ্য বিভাগে জাৰি কৰা এক তথ্য অনুসৰি তিনিচুকীয়া জিলাত একেটা চিৰিঞ্জ কেইবাজনো ড্ৰাগছ সেৱনকাৰীয়ে ব্যৱহাৰ কৰাৰ ফলত জিলাখনত এইচ আই ভি আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে।