গুৱাহাটী : স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অসম প্ৰতিদিনে উন্নয়নৰ দিশে আগুৱাই গৈ আছে। অসমৰ চৰকাৰী চিকিৎসালয় (Government Hospital) সমূহে হওক বা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় (Private Hospital) সমূহে হওক, স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বহু উন্নয়নমূলক আঁচনি হাতত লোৱা পৰিলক্ষিত হৈছে।

ৰাজ্যৰ চিকিৎসা পদ্ধতি উন্নয়নৰ জখলাখন বগাই ওপৰলৈ গৈ আছে যদিও এতিয়াও সৰ্প দংশনৰ (Snake Bite) চিকিৎসাৰ ক্ষেত্ৰৰ ৰাজ্যত বহু লোক অন্ধবিশ্বাসৰ (Superstation) কবলৰ পৰা মুক্ত হ’ব পৰা নাই। সৰ্প দংশনৰ চিকিৎসা একমাত্ৰ বেজৰ দ্বাৰাহে সম্ভৱ, এই অন্ধবিশ্বাসৰ বাবেই ৰাজ্যত প্ৰতিবছৰে বহু লোক প্ৰাণ হেৰুৱাব লগীয়া হয়। সাধাৰণতে ৰাজ্যৰ সৰহ সংখ্যক অঞ্চলতে সৰ্প দংশনৰ ৰোগীক চিকিৎসালয়লৈ নিয়াৰ পৰিবৰ্তে বেজৰ ওচৰলৈ নিয়াহে দেখিবলৈ পোৱা যায়। আধুনিক চিকিৎসাৰ পৰিবৰ্তে বেজৰ দ্বাৰা চিকিৎসা কৰাৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হয়।

সৰ্প দংশনৰ ৰোগীৰ চিকিৎসাকলৈ সমাজত প্ৰচলিত অন্ধবিশ্বাস দূৰ কৰাৰ বাবে এইবাৰ ওলাই আহিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাসবিৰোধী নেতা তথা মানৱ অধিকাৰ কৰ্মী ড° দিবাজ্যোতি শ‍ইকীয়া। অন্ধবিশ্বাসবিৰোধী নেতা তথা মানৱ অধিকাৰ কৰ্মী গৰাকীয়ে সৰ্প দংশনৰ চিকিৎসা বেজৰ দ্বাৰা সম্ভৱ নহয়, আধুনিক চিকিৎসাই এজন সৰ্প দংশনৰ ৰোগীৰ প্ৰাণ ৰক্ষা কৰে এই সম্পৰ্কে সমগ্ৰ ৰাজ্যতে সজাগতা সৃষ্টিৰ বাবে অভিযান আৰম্ভ কৰিছে। কিন্ত ইয়াৰ পূৰ্বে ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহ সৰ্প দাংশনৰ ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ কিমান সক্ষম এই তথ্য সংগ্ৰহৰ বাবে বিগত কিছুদিন ধৰি ৰাজ্যৰ কেইবাখনো চিকিৎসালয় পৰিদৰ্শন কৰিছে।

শেহতীয়াকৈ লখিমপুৰ আৰু কামৰূপ জিলাৰ কেইবাখনো চৰকাৰী চিকিৎসালয় পৰিদৰ্শন কৰি সংগ্ৰহ কৰা তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি ড° দিবাজ্যোতি শ‍ইকীয়াই কয় “সৰ্প দংশনৰ ৰোগীৰ বাবে আছুতীয়া কক্ষ, চিকিৎসক, চিকিৎসা কৰ্মীক প্ৰশিক্ষণ দিয়া বিষয়বোৰ কাৰ্যত পৰিণত নহ’ল। চিকিৎসালয় সমূহত সৰ্প দংশনৰ চিকিৎসাৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ ব্যৱস্থা কৰা নহ’ল। যাৰ বাবে সাপে খুটিলে বা সাপে খোটা ৰোগীক এন্টি স্নেক ভেনাম বেজী দিব পৰা হ’বনে নাই তাৰো সিদ্ধান্ত যি কোনো চিকিৎসকে ল’ব নোৱাৰে। ইফালে চিকিৎসালয় সমূহত প্রয়োজনীয় অভিজ্ঞ চিকিৎসক, আন্তঃগাঁথনিৰ অভাৱৰ বাবে সৰ্পই দংশন কৰা কৰা লোকক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰে আৰু এখন চিকিৎসালয়ৰ পৰা অন্য এখন চিকিৎসালয়লৈ ৰেফাৰ কৰিব লগা অৱস্থা হয়”।

উপযুক্ত সময়ত চিকিৎসা নোপোৱাৰ ফলত বহু সৰ্প দাংশনৰ ৰোগীৰ মৃত্যু ঘটে। আনফালে সজাগতাৰ অভাৱত বহু লোকে অন্ধবিশ্বাসৰ বলি হৈ সৰ্প দংশনৰ ৰোগীজনকলৈ বেজৰ কাষ চাপি অৱশেষত নিজৰ আত্মীয়কজনক হেৰুৱাব লগা হয় বুলিও কয় ড° দিবাজ্যোতি শ‍ইকীয়াই। সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত শিৱসাগৰ জিলাৰ ডিমৌৰ বাহিৰে ৰাজ্যৰ অধিকাংশ জিলাতে এই সম্পর্কীয় চিকিৎসাৰ অভাৱ দৃষ্টিগোচৰ হয় বুলিও তেওঁ কয়। সেয়েহে এই সম্পৰ্কে উপযুক্ত ব্যবস্থা গ্ৰহণেৰে অন্ধবিশ্বাস দূৰ কৰি সাধাৰণ লোকক বচোৱাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি মানৱ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ড° দিবাজ্যোতি শ‍ইকীয়াই চৰকাৰক দাবী জনায়।

প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত ৰাজ্যত সর্প দংশনত বহু লোকৰ মৃত্যু হয় যদিও অতি স্পর্শকাতৰ এই বিষয়টোৰ সন্দৰ্ভত, চৰকাৰ তথা স্বাস্থ্য বিভাগৰ উদাসীনতা পৰিতাপৰ বিষয় বুলি কয় ড° দিবাজ্যোতি শ‍ইকীয়াই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাসবিৰোধী নেতা তথা মানৱ অধিকাৰ কৰ্মী ড° দিবাজ্যোতি শ‍ইকীয়াই কয় যে চৰকাৰ তথা স্বাস্থ্য বিভাগে সৰ্প দংশনৰ চিকিৎসাৰ বিষয়টোত সঠিকভাৱে মনোনিবেশ নকৰি কেৱল এণ্টি-স্নেক ভেনাম বেজী যোগান ধৰিয়েই দায়িত্ব সামৰিছে। সর্প দংশনৰ ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। কিছু বছৰ পূৰ্বে সৰ্প দংশনৰ চিকিৎসাৰ বিষয়ে স্বাস্থ্য বিভাগে একাংশ চিকিৎসকক মাষ্টৰ ট্ৰেইনাৰ হিচাপে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল যদিও পৰৱৰ্তী সময়ত বিষয়টোত বিশেষ গুৰুত্ব দিয়া নহ’ল বুলিও কয় বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ড° দিবাজ্যোতি শ‍ইকীয়াই।