বকো : পুনৰ অসম আৰক্ষীৰ (Assam Police) খাকী পোছাকত দাগ। এইবাৰ এগৰাকী মহিলা আৰক্ষী বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ খাকী পোছাকত দাগ লগোৱাৰ অভিযোগ। থানাৰ ভিতৰত এজন নিৰীহ যুৱকক এগৰাকী মহিলা আৰক্ষী বিষয়াই নিৰ্মমভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ।

কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ ভিতৰত এজন নিৰীহ যুৱকৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। বকো আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী বিষয়াই থানাৰ ভিতৰত এজন যুৱকক নিৰ্মমভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। বকো আৰক্ষী থানাৰ মহিলা আৰক্ষী বিষয়া জলী দাসৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুত্বৰ অভিযোগ। অসম আৰক্ষীৰ পৰীক্ষাৰ্থী এজনক জলী দাস নামৰ আৰক্ষী বিষয়াই নিৰ্মমভাৱে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে।

বকো থানাত শান্তি ৰক্ষা গোচৰ দিবলৈ যোৱা যুৱক এজনক জলী দাস নামৰ আৰক্ষী বিষয়া গৰাকীয়ে নাঙঠ কৰি নিৰ্মমভাৱে অত্যাচাৰ চলায় বুলি অভিযোগ উঠছে। ছয়গাঁও সমষ্টিৰ পশ্চিম সীমান্তৱৰ্তী অঞ্চলৰ কলহীকাষ গাঁৱৰ জাকিৰ হুছেইন নামৰ এজন যুৱকে স্থানীয় একাংশ লোকৰ দ্বাৰা প্ৰাণনাশৰ ভাবুকি লাভ কৰাত যুৱকজনে আদালতৰ পৰা শান্তি ৰক্ষা গোচৰ লৈ গৈছিল বকো থানালৈ গৈছিল। বকো থানাৰ জলী দাস নামৰ আৰক্ষী বিষয়া গৰাকীয়ে জাকিৰ হুছেইন নামৰ যুৱকজনক দিনটো থানাৰ ভিতৰত ৰাখি থয়। সন্ধিয়াৰ সময়ত যুৱকজনক জলী দাস নামৰ মহিলা আৰক্ষী বিষয়া গৰাকীয়ে এটা কোঠাৰ ভিতৰত।আৱদ্ধ কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰে।

পৰৱৰ্তী সময়ত জলী দাস নামৰ আৰক্ষী বিষয়া গৰাকীয়ে যুৱকজনৰ ওপৰত অমানৱীয়ভাৱে অত্যাচাৰ চলাই এনে ধৰণৰ গোচৰ লৈ থানাত নুসুমাবলৈ সকীয়নি প্ৰদান কৰে বুলিও অভিযোগ কৰে যুৱকজনে৷ ইমানেই নহয় বকো আৰক্ষী থানাৰ মহিলা আৰক্ষী বিষয়া গৰাকীয়ে যুৱকজনক মাৰপিটৰ ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত মুখ খুলিলে জে’ললৈ পঠোৱাৰ ভাবুকি প্ৰদান কৰে বুলিও জানিবলৈ দিয়ে যুৱকজনে। পৰৱৰ্তী সময়ত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক যুৱকজনৰ পৰিয়ালে ঘটনা সন্দৰ্ভত অৱগত কৰাত যুৱকজনক মোকলাই দিয়া হয়। থানাৰ পৰাই যুৱকজনৰ পৰিয়ালৰ লোকে যুৱকজনক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসালয়ত ভৰ্তি কৰে।

ভুক্তভোগী যুৱকজন সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে যদিও যুৱকজনৰ উঠা-বহা কৰাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হৈছে৷ ইফালে, অহা দেওবাৰে অনুষ্ঠিত হ’বলগীয়া অসম আৰক্ষীৰ চতুৰ্থবৰ্গৰ লিখিত পৰীক্ষাত যুৱকজন কেনেকৈ অৱতীৰ্ণ হ’ব তাৰ বাবেও চিন্তিত হৈ পৰিছে যুৱকজনৰ পৰিয়াল৷ আৰক্ষী বিষয়া জলী দাসে কি কাৰণে যুৱকজনক এনে অমানৱীয় অত্যাচাৰ চলালে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত৷ বকো আৰক্ষী থানাৰ মহিলা আৰক্ষী বিষয়া গৰাকীৰ এই অমানৱীয় কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।