আজিজ আলী
মুকালমুৱা : ঘোগা গাঁৱৰ বিশিষ্ট সমাজ কৰ্মী, ব্যৱসায়ী আব্দুল হামিদৰ মৃত্যু। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ঘোগা গাঁৱৰ বিশিষ্ট সমাজ কৰ্মী, ব্যৱসায়ী আব্দুল হামিদ যোৱা দেওবাৰে এক পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হৈছিল।

যোৱা দেওবাৰে আব্দুল হামিদক ঘৰৰ সম্মুখত থকা সুলভ মূল্যৰ দোকানলৈ যাওঁতে ৰাস্তা পাৰ কৰি থকা সময়ত তীব্ৰ বেগেৰে অহা টেম্পু ভেন এখনে খুন্দিয়াই পলায়ন কৰিছিল। লগে লগে তেওঁক মুকালমুৱা চিকিৎসালয়লৈ লৈ নিয়া হয় যদিও মূৰত গুৰুত্বৰভাৱে আঘাত পোৱাৰ বাবে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হৈছিল।

চিকিৎসাধীন অৱস্থাত আব্দুল হামিদ শেষ নিশ্বাস ত্যাগ কৰে। মৰণোত্তৰ পৰীক্ষা পিছত আব্দুল হামিদৰ নশ্বৰদেহ ঘৰলৈ লৈ অহা হয়। সন্ধিয়া ৫ বজাত তেওঁৰ জানাজা সম্পূৰ্ণ হয়। মৃত্যুৰ সময়ত আব্দুল হামিদে দুই পুত্ৰ প্ৰৱক্তা ছানি আমুল আহমেদ আৰু চাজিদুল আহমেদ আৰু এগৰাকী কন্যাসহ পত্নীক এৰি থৈ যায়।

আব্দুল হামিদৰ মৃত্যুত পূব বৰক্ষেত্ৰী বহু মূখী সমাবায় সমিতি লোহাৰকাঠা, ঘোগা গাঁও পৰিচালনা কমিটি, ঘোগা চক কমিটি, ঘোগা বদনী আখিয়া যুৱক সংঘই শোক প্ৰকাশ কৰাৰ লগতে কিছু সময়ৰ বাবে চকৰ দোকান পোহাৰ বন্ধ ৰাখে। অঞ্চলটোৰ বিভিন্ন সামাজিক কামৰ লগত জড়িত থকা আব্দুল হামিদৰ মৃত্যুত অঞ্চলটোৰ শোকৰ ছাঁ পৰিছে।