আমিনুৰ ৰহমানৰ সহযোগত প্ৰীতি পাৰীক
শিৱসাগৰ : শিৱসাগৰৰ আমোলাপট্টীত ভয়ংকৰ অগ্নিকাণ্ড। লাইফ টাইম ফাৰ্মা নামৰ প্ৰতিষ্ঠানত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। জুই নুমোৱাবলৈ ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনী আৰু অএনজিচি অগ্নি নিৰ্বাপক বাহিনীৰ যৌথ অভিযান।

শিৱসাগৰ নগৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বুধবাৰে সন্ধিয়াৰ ভাগত শিৱসাগৰৰ লাইফ টাইম ফাৰ্মা নামৰ প্ৰতিষ্ঠানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত বৃহৎ ক্ষতিৰ আশংকা কৰা হৈছে।

জুই নুমোৱাবলৈ ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনী আৰু অএনজিচি অগ্নি নিৰ্বাপক বাহিনীয়ে যৌথ অভিযান চলাই আছে যদিও বাতৰি লিখা সময়লৈকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। অগ্নিকাণ্ড সংঘটিত হোৱা প্ৰতিষ্ঠানটোৰ তলৰ মহলাত আছে ফটকাৰ গুদাম।

ফটকাৰ গুদামে ৰাইজক অধিক আতংকিত কৰি তুলিছে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমোৱাবলৈ চেষ্টা চলাই আছে৷ এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই জুই। সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।