গুৱাহাটী,সংবাদ৩৬৫,৫মাৰ্চ : মঙ্গলবাৰে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এম এন -০১- বি এ ০০১১ নম্বৰৰ নৈশ বাছৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেইবা লক্ষাধিক টকাৰ বাৰমিছ সামগ্ৰী।

সোণাপুৰ আৰক্ষী থানাৰ জে পি সন্দিকৈয়ে কয় যে এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে খবৰ পাই সোণাপুৰৰ নাজিৰাখাটোৰ পৰা সামগ্ৰীখিনি জব্দ কৰে। বাছ খনৰ দিকিৰ পৰা ৮৯ কাৰ্টুন সামগ্ৰী উদ্ধাৰ কৰে। এই কাৰ্টুন সমূহৰ পৰা জব্দ কৰে বিদেশী জোতা আৰু চিগাৰেট ।

আৰক্ষীয়ে সকলো জব্দ কৰা সামগ্ৰীখিনি থানালৈ লৈ আহে আৰু লগতে আটক কৰে বাছখনৰ চালক আৰু হেণ্ডিমেনক।