সোনাপুৰ, ৩ জুলাইঃ মহানগৰীৰ সোনাপুৰ পাঠৰকুচিত হিন্দু যুৱ ছাত্ৰ পৰিষদে কালি অবৈধভাবে গৰু লৈ অহা এখন ট্ৰাক আৰু দুখন ডিআই গাড়ী জব্দ কৰি  মুঠ ৪৮টা গৰু উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা গৰুখিনি উজনি অসমৰ পৰা ন মাইল স্থিত গৰুৰ বজাৰলৈ অনাৰ অৱস্থাত সোনাপুৰত উদ্ধাৰ কৰা হয়। গৰু উদ্ধাৰ কৰি গো ৰক্ষক বাহিনীৰ সদস্যসকলে ট্ৰাক চালকক গুৰুতৰ ভাৱে প্ৰহাৰ কৰে।  পিছত সোনাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ বিভিন্ন সংবাদ মাধ্যমত সোনাপুৰত গো ৰক্ষকৰ আক্ৰমণৰ ভিডিঅ’ প্ৰচাৰ কৰাৰ পিছতো আৰক্ষীয়ে এই আক্ৰমণৰ বিষয়ে অৱগত নহয় বুলি মন্তব্য কৰে৷ আৰক্ষীৰ ফালৰ পৰা পোৱা তথ্য মতে গৰু লৈ অহা গাড়ী কেইখনৰ উপযুক্ত নথি-পত্ৰ থকাৰ লগতে গৰু অনাৰ চালান আছিল৷ অৱশ্যে  আৰক্ষীৰ অনুসৰি গাড়ী কেইখনৰ পাৰ্মিটৰ কিছু বিসঙ্গতি আছিল বাবে গাড়ী কেইখন আৰক্ষীয়ে পৰিবহণ বিভাগলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইদিন মান পূৰ্বে দেশত গো ৰক্ষাৰ নামত সংঘটিত হিংসাত্মক ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰি এনে ঘটনাৰ লগত জড়িত থকা ব্যক্তি সকলকো সকীয়নি দিছিল৷ ইয়াৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো গো ৰক্ষাৰ নামত এনে হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে৷

ভিডিঅ’ চাবলৈ তলৰ লিংকটোত ক্লিক কৰক

https://www.youtube.com/watch?v=_ltYAJS6DDY