ৰঙিয়া, ৩ জুলাইঃ ৰঙিয়াৰ তুলসীবাৰীৰ বিদ্যালয়ৰ ছাত্ৰীক জোকাই ৰাইজৰ ৰোষত পৰিল দুই যুৱক। অষ্টম শ্ৰেণীৰ ছাত্ৰীক জোকাই যুৱক দুজনে গণ প্ৰহাৰৰ লগতে আঠুকাঢ়ি কাণতো ধৰিবলৈ বাধ্য হয়। যুৱক দুজন ক্ৰমে তুলসীবাৰীৰ অহেদ আলী আৰু হাচমত আলী৷ প্ৰাপ্ত তথ্য অনুসৰি, ছাত্ৰী দুগৰাকীক যুৱক দুজনে বিভিন্ন ধৰণে জোকাই চকলেট দিয়াৰ প্ৰলোভনেৰে কিছু নিলগলৈ মাতি নিব বিচাৰে। কিন্তু ছাত্ৰী দুগৰাকীয়ে যুৱকদ্বয়ৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু স্থানীয় লোকক সমগ্ৰ ঘটনা বিৱৰি কোৱাত ৰাইজে দুই লম্পট যুৱকক কৰায়ত্ব কৰি লপা-থপা দি বিদ্যালয়লৈ আনে। বিদ্যালয়ৰ ছাত্ৰ সংগঠনৰ সদস্যই মজনু ৰূপী দুই লম্পটক কাণত ধৰি আঠুকঢ়াই থয়। শেষত ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষই যুৱক দুজনৰ অভিভাৱকক মাতি আনি যুৱক দুজনে ভৱিষ্যতে তেনে গৰ্হিত কাম নকৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি দিয়াত এৰি দিয়ে । ছোৱালী জোকাই ঔকিল খোৱা যুৱক দুজনৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ লগতে আনন্দৰ খোৰাকৰো লৃষ্টি কৰিছে৷