সোণতলী, ২৪ এপ্ৰিলঃ মাজুলিৰ পিছত আজি নগৰবেৰাত সংঘটিত হৈছে এক কৰুণ ঘটনা৷ মাজুলিত চাইকেলেৰ মৃতদেহ কঢ়িওৱা বাতিৰয়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰাৰ পিছত সেই বাতৰিৰ চাঞ্চল্য মাৰ নাযাওঁতেই দক্ষিণ কামৰূপৰ সোণতলীৰ নগৰবেৰাত জৰাৰ্জীণ ৰাস্তাৰ কাৰণে আজি এটা শিশুৱে কৰুণ মৃত্যুক সাবটিবলগীয়া হয়৷ চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যু ঘটিল যমজ সন্তানৰ এজন৷ দুমহীয়া কেঁচুৱাটোক পৰিয়ালৰ লোকে নাঁৱৰে চিকিৎসালয়ত লৈ যোৱাৰ পথত নাঁৱতেই মৃত্যুৰ শীতল কোলাত শুই পৰিল এক নিস্পাপ দেৱ শিশু৷ বকো সমষ্টিৰ নগৰবেৰাত আজি সংঘটিত হোৱা শোকাৱহ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নগৰবেৰা অঞ্চলতে বিৰাজ কৰিছে এক চাঞ্চল্যকৰ পৰিবেশ৷ জলজলী নদীৰ উত্তৰ দিশৰ নগৰবেৰাৰ সমীপৰ বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত চাংবান্ধা গাঁৱৰ দুইমহীয়া যমজ শিশুৰ এটি শিশু হঠাৎ অসুস্থ হৈ পৰে৷ অঞ্চলটোৰ বাট পথ অতি শোচনীয় হোৱাৰ বাবে নাৱৰে চিকিৎসালয়লৈ নিয়াৰ পথত নদীৰ মাজতেই মৃত্যু হয় দেৱ শিশুটিৰ৷ নগৰবেৰাৰ পাৰঘাটত প্ৰতিদিনে নৈখন পাৰ হ’বলৈ ভিৰ কৰে অগণন যাত্ৰীয়ে৷ ভিৰৰ বাবে সময়ত পাৰ হ’ব নোৱাৰাত অসুস্থ শিশুটিক সময়মতে আনিব নোৱাৰিলে চিকিৎসালয়লৈ৷ কাছুমাৰাৰ চাংবান্ধা গাঁৱৰ ৰফিকুল ইছলাম নামৰ এজনৰ পত্নী ৰেজিয়া খাতুনে প্ৰায় দুই মাহৰ পূৰ্বে প্ৰসৱ কৰিছিল দুটাকৈ যমজ শিশু৷ হঠাৎ দুয়োটা শিশু অসুস্থ হৈ পৰাত চিকিৎসালয়লৈ নিয়াৰ পথত হাবেল-কাবেল নামৰ দুই শিশুৰ কাবেলৰ মৃত্যু ঘটে৷ এম্বুলেঞ্চ সেৱাতো দুৰৈৰে কথা বাট-পথৰ দুৰঅৱস্থাৰ বাবে ঠেলা এখনো নচলে অঞ্চলটোত৷ যাৰ বাবে দেৱশিশুটিৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে এক শোকাকুল পৰিবেশ৷ বিকশিত কংগ্ৰেছ চৰকাৰ পিছত পৰিৱৰ্তনৰ শ্লোগানেৰে ৰাজ্যখনৰ শাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰা বিজেপি চৰকাৰৰ শাসনাধিষ্ট অসমৰ গ্ৰমাঞ্চলৰ শোকাৱহ ঘটনা এয়া৷