পলাশবাৰী, সংবাদ ৩৬৫, ১২ জুলাই : ৰাজ্যত এতিয়া বৃদ্ধি পাইছে বানৰ প্ৰকোপ । কি উজনি কি নামনি প্ৰায়বোৰ অঞ্চল এতিয়া বুৰ গৈছে বানত । ভয়াৱহ হাৰত বৃদ্ধি পাইছে সকলো নৈ,উপ নৈৰ জলপৃষ্ঠ । ৰাজ্যত বিগত ৩দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বুৰ দক্ষিণ কামৰূপৰ বহুতো অঞ্চল ।

দক্ষিণ কামৰূপৰ বকো,ছয়গাওৰ বহুতো অঞ্চল পানীত বুৰ যোৱাৰ লগতে পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত সাতপখলীও এতিয়া পানীৰ তলত । বাঠা আৰু কলহী নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলালে সাতপখলীৰ বৃহৎ অঞ্চল । ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে প্ৰায়বোৰ লোক । বাহনৰ সলনি ৰাইজে চলাইছে নাও ।

বাঢ়নি পানীত এতিয়া মাছ ধৰা হে চলিছে অঞ্চলবাসী ৰাইজৰ মাজত । গৃহস্তে নিজৰ পদুলি,চোতালতে জাল পাতি ধৰিছে মাছ । পুৰ্বে এনে বান অঞ্চলটোত ২০১৪ চনতহে হৈছিল তাৰপিছত কোনো বান হোৱা নাছিল এই অঞ্চলটোত সেয়ে এতিয়া গৃহস্তই চোতালছে ধৰিছে মাছ আৰু গাড়ীৰ সলনি চলাইছে নাও ।

উল্লেখ্য এই গাওঁখনক ঘোষণা কৰা হৈছিল আদৰ্শ গাওঁ হিচাপে কিন্তু কাগজত হে আদৰ্শ গাওঁ হিচাপে থাকিল কামে কোনো নহল এই গাওঁখনত । আনকি বানাক্ৰান্ত লোকৰো খৱৰ ল’বলৈ আহৰি নাই স্থানীয় বিজেপি বিধায়ক প্ৰনৱ কলিতাৰ ।

ইয়াৰোপৰি সহশ্ৰাধিক পৰিয়ালৰ একমাত্ৰ যাত্ৰাৰ মাধ্যম হেতুকে ৫বছৰ পুৰ্বে আধাশিলা কৰিছিল এখন পকী দলংৰ । অৱশ্যে এই দলংখনৰ পকীকৰণৰ কাম ২বছৰ পিছতহে আৰম্ভ হয় । আৰু দলং পকীকৰণৰ বাবে এখন উপ দলং নিৰ্মান কৰি দিছিল গড়কাপ্তানি বিভাগে কিন্তু বাঢ়নি পানীয়ে উটুৱাই নিলে এই উপ দলংখনো । যাৰ বাবে এতিয়া জীয়াতু ভুগিছে অঞ্চলবাসী ৰাইজে । উপ দলংখন উটুৱাই নিয়াৰ ফলত প্ৰশাসনে অঞ্চলবাসী ৰাইজৰ সুবিধাৰ্থে নাও যোগান ধৰিছে যদিও ভৰা নৈৰ ওপৰেৰে অতি বিপদসংকুলভাৱে ৰাইজে কৰি আছে যাতায়াত । চহৰৰ পৰা নিজ গাওঁলৈ বুলি আহি এই অৱস্থা দেখি হতস্তম্ভ লোক । বানৰ প্ৰকোপত উটি যাবলৈ ধৰিছে পশুধনসমুহো ।

আনহাতে এই বানপিড়িত সকলোকৰ খৱৰ ল’বলৈ কোনো আহৰি নাই প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিৰ । যোৱা ৪ দিন ধৰি বানত ককবকাই থকা সহশ্ৰাধিক পৰিয়ালে যাতায়তৰ বাধাৰ ফলত এতিয়া বিশুদ্ধ খোৱাপানী আৰু খাদ্যৰ সংকটত পৰিছে ।