গুৱাহাটী, সংবাদ ৩৬৫, ১২ জুলাই : অসমৰ অন্যতম প্ৰাকৃতিক বিপৰ্য্যয় বাৰিষাকালত বছৰি অহা প্ৰলয়ংকাৰী বানপানী । বছৰ বাগৰাৰ লগে লগে বানপানীয়েও ক্ৰমাৎ গুৰুত্বৰ ৰূপ ধাৰণ কৰিবলে লৈছে ৷ ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ দ্বিতীয়টো বানপানীয়ে। ১৭খনকৈ জিলা বৰ্তমান পানীৰ তলত। বানপানীৰ প্ৰভাৱত পৰিছে ৪ লক্ষাধিক লোক।

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত দ্বিতীয়টো বানে অধিক সংহাৰী ৰূপ ধাৰণ কৰিছে। বৰ্তমান ৰাজ্যৰ ১৭খনকৈ জিলাৰ ৪ লক্ষাধিক লোক ককবকাইছে পানীৰ তলত।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা তথ্য অনুসৰি ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, মাজুলী, যোৰহাট আৰু ডিব্ৰুগড়ৰ জিলাৰ প্ৰায় ৭৪৯খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ মুঠ ১৬,৭৩০.৭২ হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত।

অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু ভূটানত যোৱা কিছুদিন ধৰি হৈ থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ কেইবাখনো নদী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ ফলত জলমগ্ন হৈ পৰিছে ৰাজ্যৰ বৃহৎ এলেকা। যোৱা ১০ তাৰিকে ৰাজ্যেৰ ১১খনকৈ জিলা জলমগ্ন হৈ আছিল যদিও ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ নদী সমূহৰ জলস্তৰ অধিক বৃদ্ধি পোৱাত আৰু ৬খনকৈ জিলা বানৰ কবলত পৰিছে।

দ্বিতীয়টো বানত লখিমপুৰ আৰু ধেমাজি জিলা সবাতোকৈ অধিক প্ৰভাৱিত হৈছে। ব্ৰহ্মপুত্ৰ নদী যোৰহাট জিলাৰ নিমাতীঘট আৰু তেজপুৰত বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ বিৰিতে শিৱসাগৰত দিখৌ নৈ, গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰী, শোণিতপুৰত জীয়া ভৰালী নৈ, কামৰূপত পুঠিমাৰী নৈ আৰু বৰপেটাত বাকী নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বান প্ৰতিষ্ঠিত পৰা মুকাবিলা কৰিবলৈ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ লোক সষ্টম হৈ আছে।