নিউজ ডেস্ক, ১৪ জানুৱাৰী, ২০২৫ : ভাৰতীয় ৰে’লৱেৰ (Indian Railway) দ্বাৰা মহা কুম্ভ ২০২৫ ৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ আৰু বিশেষ ৰে’ল সেৱা আৰম্ভ। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা তীৰ্থযাত্ৰীসকলৰ বাবে দুখন ৰে’ল সেৱাৰ পৰিচালন। ভাৰতীয় ৰে’লৱেই প্ৰয়াগৰাজৰ মহা কুম্ভ ২০২৫ ত আনুমানিক ৪০ কোটি তীৰ্থযাত্ৰীৰ বাবে এক বাধাহীন আৰু আৰামদায়ক অভিজ্ঞতা নিশ্চিত কৰাৰ অৰ্থে বিভিন্ন পদক্ষেপ ঘোষণা কৰিছে।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰয়াগৰাজ অঞ্চলত মহা কুম্ভ ২০২৫ ৰ বাবে ভাৰতীয় ৰে’লৱেৰ প্ৰস্তুতি বৃদ্ধিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ মুকলি কৰিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে লাখ লাখ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত, বাধাহীন আৰু প্ৰযুক্তিগতভাৱে উন্নত সেৱা প্ৰদান কৰা। এই প্ৰস্তুতিসমূহৰ মূলত হৈছে ৰে’লৱে ব’ৰ্ড পৰ্যায়ত এক অত্যাধুনিক, ২৪ x ৭ কুম্ভ ৱাৰ ৰুম স্থাপন, যি বাস্তৱ-সময়ৰ নিৰীক্ষণ আৰু সমন্বয়ৰ বাবে নটা মুখ্য ষ্টেচনৰ ১,১৭৬ টা চিচিটিভি কেমেৰাৰ পৰা লাইভ ফীডৰে সু-সজ্জিত।

যোগাযোগ আৰু প্ৰৱেশযোগ্যতা বৃদ্ধি কৰাৰ বাবে, এই বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰৰ তীৰ্থযাত্ৰীসকলৰ বাবে সেৱা আগবঢ়োৱাৰ বাবে ২২ টা ভাষাত উপলব্ধ এক বহুভাষিক সুবিধা পুস্তিকাৰ সৈতে মুখ্য ষ্টেচনসমূহত ১২ টা ভাষাৰ ঘোষণা প্ৰণালীৰ ব্যৱস্থা কৰা হৈছে। এক বিশাল পৰিচালন পৰিকল্পনাৰে কৰা এই আয়োজনৰ সময়ত ৩,১৩৪ টা বিশেষ সেৱাসহ ১৩,০০০ ৰে’ল চলাচল কৰিব, যি যোৱা তিনি বছৰত আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ৫,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে। এই পদক্ষেপসমূহৰ অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই তীৰ্থযাত্ৰীসকলৰ অত্যাধিক ভিৰৰ মোকাবিলা কৰাৰ বাবে বিশেষ ৰে’লৰ পৰিচালন আৰম্ভ কৰিছে।

প্ৰতিটো দিশত চাৰিটা কৈ ট্ৰিপৰ দ্বাৰা কামাখ্যা-টুণ্ডলা আৰু নাহৰলগুন-টুণ্ডলাৰ মাজত দুযোৰ বিশেষ ৰে’ল চলি আছে। এচি, শ্লিপৰ আৰু জেনেৰেল ছিটিং ডবাৰে সজ্জিত এই ৰে’লসমূহে তীৰ্থযাত্ৰীসকলৰ বাবে এক আৰামদায়ক আৰু সুলভ বিকল্প প্ৰদান কৰে, য’ত ৰঙিয়া, নিউ জলপাইগুড়ী, পাটনা আৰু প্ৰয়াগৰাজৰ দৰে গুৰুত্বপূৰ্ণ ষ্টেচনসমূহ সামৰি লোৱা হৈছে। মুখ্য উন্নীতকৰণৰ ভিতৰত ৪৮ খন নতুন প্লেটফৰ্ম, ২১ খন ফুট অভাৰ ব্ৰীজ, ১ লাখতকৈ অধিক তীৰ্থযাত্ৰীক আসনৰ সুবিধা প্ৰদানৰ বাবে সক্ষম ২৩ টা হোল্ডিং এলেকা আৰু মোবাইল ইউনিটকে ধৰি ৫৫৪ টা টিকেটিং কাউণ্টাৰ আছে।

যাত্ৰী সেৱাক অগ্ৰাধিকাৰ দিয়াৰ অৰ্থে মালবাহী ৰে’লসমূহ নিৰ্ধাৰিত ফ্ৰেইড কৰিডৰেৰে পথ পৰিৱৰ্তন কৰা হৈছে, আনহাতে কালাৰ-কোডেড টিকট আৰু বাৰকোড-সক্ষম প্ৰণালীৰ দৰে অভিনৱ ভিৰ ব্যৱস্থাপনা ব্যৱস্থাই মৌনী অমাৱস্যাৰ দৰে তীৰ্থ যাত্ৰীৰ অধিক সমাগমৰ দিনতো সুগম পৰিচালন নিশ্চিত কৰিব, যি ৫ কোটি ভক্তক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। এই বিস্তৃত পদক্ষেপসমূহে এই প্ৰসিদ্ধ আধ্যাত্মিক অনুষ্ঠানৰ সময়ত এক সুৰক্ষিত, দক্ষ আৰু প্ৰযুক্তিগতভাৱে উন্নত ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে ভাৰতীয় ৰে’লৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।