নিউজ ডেস্ক, ১৩ মে, ২০২৪ : ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদৰ মাজত বিশেষ ৰে’লৰ (Special Rail) চলাচলৰ সময়সীমা বৃদ্ধি। নিউ জলপাইগুড়ী আৰু হাওড়াৰ মাজত আন এখন চুপাৰফাষ্ট বিশেষ ৰে’ল। যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, বিশেষ ৰে’ল নং. ০৭০৪৬/০৭০৪৭ (ছেকেন্দ্ৰাবাদ-ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদ)ৰ সেৱা অব্যাহত ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ৰে’লসমূহ বিদ্যমান সেৱাৰ দিন, সময় আৰু ষ্টপেজৰ দিনৰ সৈতে চলাচল কৰিব। লগতে, উত্তৰ পূব সীমান্ত ৰে’লৱেই হাওড়া আৰু নিউ জলপাইগুড়ীৰ মাজত চুপাৰফাষ্ট গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰে’ল নং. ০২৩০৯/০২৩১০ (হাওড়া-নিউ জলপাইগুড়ী-হাওড়া) চুপাৰফাষ্ট গ্ৰীষ্মকালীন বিশেষ ৰে’লখন উভয় দিশত সাতটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব। প্ৰতি সোমবাৰে চলাচল কৰিবলগীয়া ৰে’ল নং ০৭০৪৬ (ছেকেন্দ্ৰাবাদ-ডিব্ৰুগড়) বিশেষ ৰে’লখনৰ সেৱা ২০ মে’ৰ পৰা ২৪ জুন, ২০২৪ লৈ বৃদ্ধি কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, প্ৰতি বৃহস্পতিবাৰে চলাচল কৰিবলগীয়া ৰে’ল নং ০৭০৪৭ (ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদ) বিশেষ ৰে’লখনৰ সেৱা ২৩ মে’ৰ পৰা ২৭ জুন, ২০২৪ লৈ বৃদ্ধি কৰা হৈছে। এই ৰে’ল সেৱাৰ সম্প্ৰসাৰণে সেই পথসমূহত চলাচল কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলক লাভান্বিত কৰিব।

তদুপৰি, ৰে’ল নং ০২৩০৯ (হাওড়া-নিউ জলপাইগুড়ী) বিশেষ ৰে’লখন প্ৰতি বুধবাৰে ১৫, ২২, ২৯ মে’, ৫, ১২, ১৯, ২৬ জুন, ২০২৪ তাৰিখে হাওড়াৰ পৰা ৫:৫৫ যাত্ৰা আৰম্ভ কৰি একেদিনাই ১৩:২৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০২৩১০ (নিউ জলপাইগুড়ী-হাওড়া) বিশেষ ৰে’লখন নিউ জলপাইগুড়ীৰ পৰা ১৫, ২২, ২৯ মে, ৫, ১২, ১৯ ২৬ জুন, ২০২৪ তাৰিখে প্ৰতি বুধবাৰে ১৫:০০ বজাত যাত্ৰা আৰম্ভ কৰি একেদিনাই ২২:৩৫ বজাত হাওড়াত গৈ উপস্থিত হ’ব। এই চুপাৰ ফাষ্ট বিশেষ ৰে’লসমূহত যাত্ৰীসকলৰ সুবিধাৰ বাবে ১৩ খন এচি চেয়াৰ কাৰ ডবা থাকিব। ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত, চুপাৰফাষ্ট ৰে’লখন ডানকুনি, বোলপুৰ শান্তিনিকেতন, মালদা টাউন আৰু বৰছোই ৰেল ষ্টেচন হৈ চলাচল কৰিব।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।