গুৱাহাটী,সংবাদ ৩৬৫,১মাৰ্চ :শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত তেওঁলোকে কয় যে এছ পি অ সকলে বিভিন্ন সময়ত দেশ মাতৃৰ লগতে আই মাতৃৰ বিপদাপন্ন অৱস্থাত নিজ প্ৰাণ আহুতি জনসাধাৰণৰ হকে নিষ্ঠাৰে কৰ্ম আগবঢ়াই আহিছে কিন্তু ভাৰতৰ অন্য ঠাইৰ এছ পি অ সকলে যেনেদৰে সুবিধা পায় অসমৰ এছ পি অ সকলে সেইদৰে সুবিধা নাপায়।

সদৌ অসম বিশেষ আৰক্ষী বিষয়াৰ সম্পাদক প্ৰহ্লাদ দাসে উক্ত সংবাদমেলত কয় যে ২০০৮ চনত উত্তৰ কাছাৰ পাৰ্বত্য জিলাত পাহাৰীয়া অঞ্চলত উগ্ৰপন্থী সংগঠন ডি এইচ ডি আৰু এন এছ চি এন উগ্ৰপন্থীৰ উপদ্ৰৱৰ বাবে বন্ধ হৈ থকা লামডিং শিলচৰ ব্ৰডগ্ৰছ ৰেল লাইন বি জি চি পি আৰু চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ থকা অৱস্থাত এছ পি অ সকলোকে বিভিন্ন জিলাৰ পৰা স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ দি সেই পাহাৰীয়া দুৰ্গম অঞ্চলত নিয়োগ কৰিছিল। সেইসময়ত কেইবাজনো এছ পি অ উগ্ৰপন্থীৰ গুলিত নিহত হোৱাৰ লগতে মেলেৰিয়া, জণ্ডিচ আদি ৰোগত মৃত্যু হয়।

আনহাতে, উগ্ৰপন্থীৰ গুলি ৰাজহাড়ত লৈ বহু কষ্টেৰে চকীত জীৱন নিৰ্বাহ কৰি থকা বিৰাজ দাসে চৰকাৰী ভাৱে মাত্ৰ দুই লাখ টকাৰ আৰ্থিক সাহাৰ্য লাভ কৰিছে। ডিমা হাছাও জিলাত কৰ্ম সম্পাদন কৰোঁতে মৃত্যু হোৱা বহু সদস্যই এতিয়ালৈকে চৰকাৰৰ পৰা এটকাও অনুদান পোৱা নাই।

সংবাদমেলত সংবাদ মাধ্যমৰ যোগেদি চৰকাৰৰ ওচৰত অনুৰোধ জনায় তেওঁলোকে কয় যে ২০০৮ত উগ্ৰপন্থীৰ গুলীত শ্বহীদ হোৱা সেইসমূহ শ্বহীদ পৰিয়ালৰ যিকোনো এজন লোকক সংস্থাপন দিয়ক।

সংবাদমেলত তেওঁলোকে অতি দুখেৰে কয় যে আমি আমাৰ জীৱন-যৌৱন বিসৰ্জন দিয়াৰ পিছতো আমাৰ স্থায়ী সংস্থাপন নহল।

এটা সময়ত দ্বিতীয় কাশ্মীৰ বুলি জনাজাত ডিমা হাছাওত উগ্ৰপন্থীৰ সৈতে মোকাবিলা কৰাৰ অভিজ্ঞতা পুষ্ট জোৱানে সকলোৰে জীৱিকাৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰৰ ওচৰত উক্ত সংবাদমেলৰ যোগেদি অনুৰোধ জনায়।