গুৱাহাটী ,সংবাদ ৩৬৫,১ মাৰ্চ : বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ কুমাৰপাৰা পাঁচালীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ সূত্ৰ পাত ঘটে এটা ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰা। গেছ চিলিণ্ডাৰতো বিস্ফোৰণ হোৱাৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয়।ৰন্ধন গেছৰ চিলিণ্ডাৰতো বিস্ফোৰণ হোৱাৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয় যদিও স্থানীয় লোকৰ ভাষ্য মতে শ্বৰ্ট চাৰ্কিটৰ ফলতহে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।আনহাতে এই ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

অৱশেষত কেইবা ঘণ্টাৰ পাছত ছয়খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে এই অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সা – সম্পত্তি সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।