গুৱাহাটী, ২৪ ছেপ্টেম্বৰ, ২০২৩ : গুৱাহাটীত শনিবাৰৰ পৰা অনুষ্ঠিত অসম দিব্যাংগ জ্যোতি মহোৎসৱ ২০২৩ ৰ দেওবাৰে দ্বিতীয় দিনা ৰাজ্যখনৰ বিভিন্ন ঠাইৰ দুই শতাধিক দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মাজত খেল (Sports) অনুষ্ঠিত হয়। বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ আৰু কুদৰতৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত দেওবাৰে গুৱাহাটী মহানগৰীৰ মাছখোৱা ঈদগাহ পথাৰত খেলসমূহ অনুষ্ঠিত হয়।

দেওবাৰে প্ৰতিযোগিতাত দৃষ্টিহীন ক্ৰিকেট টুৰ্ণামেণ্ট, ডবা, শ্বট পুত, কেৰম, দৌৰ, চকী খেল, পাৰ পানী, চামুচত মাৰ্বল লৈ দৌৰ, চকলেট দৌৰ, দৃষ্টিহীনৰ ডবা, বছি গেম, ছফট বল, ছবি অঁকা, ৰছী টনা আৰু বেজীত সূতা ভৰোৱা খেল অনুষ্ঠিত হয়। সোমবাৰে মাছখোৱা ঈদগাহ ফিল্ডতে দৃষ্টিহীন ক্ৰিকেটৰ ফাইনেল খেল অনুষ্ঠিত হ’ব। খেলসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মাছখোৱা ঈদগাহ সমিতিয়ে সহযোগিতা আগবঢ়ায়।

সোমবাৰে বিয়লি ৪ বজাৰ পৰা নিশালৈ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দিব্যাংগ শিশু আৰু কিশোৰ-কিশোৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশিত হ’ব। গুৱাহাটী মহানগৰীৰ লগতে যোৰহাট, নগাঁও, মৰিগাঁও, বৰপেটা, নলবাৰী, ধেমাজিৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা খেলুৱৈ আহি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছে। শনিবাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাই গুৱাহাটীত অসম দিব্যাংগ জ্যোতি মহোৎসৱ ২০২৩ ৰ শুভাৰম্ভ কৰিছিল।

এই অনুষ্ঠানতে ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ নগাঁৱৰ চিমু দাসক অসম দিব্যাংগ ৰত্ন বঁটা প্ৰদান কৰা হয়। এই মহোৎসৱ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সুৰজমল জোহৰমল চাংগানেৰীয়া ট্ৰাষ্টে যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে।উল্লেখযোগ্য যে ২০১৭ চনৰ পৰাই কেয়াৰ ইউ ৩৬৫ দিব্যাংগসকলৰ সৰ্বাংগীন বিকাশ আৰু তেওঁলোকৰ মাজত থকা প্ৰতিভাসমূহক এখন মঞ্চ প্ৰদান কৰাৰ বাবে কাম কৰি আহিছে।

দিব্যাংগ লোকসকলো যে আমাৰ সমাজৰে এটা অংশ আৰু তেওঁলোকেও যাতে মুক্তভাৱে সপোন দেখিব পাৰে সেই মহৎ উদ্দেশ্য আগত ৰাখি সংস্থাই দৃষ্টিহীনসকলৰ মাজত ক্ৰিকেট আৰু অন্যান্য খেল অনুষ্ঠিত কৰাৰ লগতে এই মহোৎসৱত দিব্যাংগসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰোৱা হয়। এইবাৰো এই মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃষ্টিহীন ল’ৰা-ছোৱালীৰ শিক্ষানুষ্ঠান আৰু অন্য অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কিশোৰ কিশোৰী আহি অনুষ্ঠানত ভাগ লৈছে।