ৰঙিয়া, ১ মেঃ সমগ্ৰ বিশ্বই আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰাৰ দিনাই মে’ দিৱসৰ শ্লোগানৰ পৰিবৰ্তে হৰিবোল ধ্বনিৰে মুখৰিত হ’ল ৰঙিয়াৰ এপ’ল মিলৰ চৌহদ৷  প্ৰায় চল্লিশ কোটি টকা খৰচ কৰি বৃহৎ নদী উৎসৱৰ আয়োজন কৰা অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী সহ চাৰিনেতাৰ সুমতি কামনা কৰি এপ’ল মিলৰ শ্ৰমিকে নমামি মহোৎসৱৰ আয়োজন কৰি হৰিবোল ধ্বনিৰে চৌদিশ মুখৰিত কৰি চৰকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে৷ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ অন্যতম ৰঙিয়াৰ এপ’ল মিল এতিয়া সংকটৰ গৰাহত৷ বন্ধ হৈ পৰিছে মিলটোৰ কাম-কাজ৷ পানীত হাঁহ নচৰা অৱস্থা হৈছে মিলটোত নিয়োজিত ৭০০ শ্ৰমিক কৰ্মচাৰীৰ৷ আঠ মাহ ধৰি এইসকল শ্ৰমিকে পোৱা নাই দৰমহা৷ আন্দোলন কৰি কৰি ভাগৰি পৰা ৰঙিয়াৰ মৃতপ্ৰায় এপ’ল মিলৰ শ্ৰমিকসকলৰ বাবে ঈশ্বৰেই যেন এতিয়া শেষ ভৰষা৷ মুখ্যমন্ত্ৰীয়ে দিয়া আশ্বাস-প্ৰতিশ্ৰুতিত আস্থা হেৰুৱাই পেলাইছে মিলৰ শ্ৰমিক-কৰ্মচাৰীসকলে৷ পলিয়েষ্টাৰ সুতাৰ বাবে বিখ্যাত এই বৃহৎ বস্ত্ৰ উদ্যোগটো পুনঃজীৱিত কৰাৰ দাবীত মে’ দিৱসৰ দিনাই শ্ৰমিকসকলৰ এই অভিনৱ প্ৰতিবাদ সাৱ্যস্ত কৰে৷  চৰকাৰৰ নিৰৱ ভুমিকাক লৈ ক্ষুদ্ধ হৈ পৰিছে মিলটোৰ শ্ৰমিক-কৰ্মচাৰী৷ শ্ৰমিকসকলৰ দাবী, নিৰ্বাচনৰ পূৰ্বে এই উদ্যোগটো কাৰ্যক্ষম কৰাৰ বাৰম্বাৰ প্ৰতিশ্ৰুতি-আশ্বাস দিয়া ৰাজনৈতিক নেতা সকল এতিয়া ক’ত? চৰকাৰে শীঘ্ৰে মিলটো পুনঃজ্জীৱিতকৰণৰ কাৰণে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে  অনাগত দিনত ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে শ্ৰমিকসকলে৷ এতিয়া প্ৰশ্ন হয় অনাগত দিনত চৰকাৰৰ সুবুদ্ধি উদয় হ’বনে? নে এনেদৰে পেটত গামোচা বান্ধি দিন কটাব লাগিব এইসকল শ্ৰমিকে?