গুৱাহাটী, ১ মেঃ একাদশ বাৰ্ষিক ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহখন ৯ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীস্থিত ৰবীন্দ্ৰ ভৱনত সাত-দিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত হ’ব।  ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় তথা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত সমাহাৰ নাট্যগোষ্ঠীয়ে আয়োজন কৰা নাট সমাৰোহখনত অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ বিভিন্ন অপেছাদাৰী নাট্যগোষ্ঠীয়ে নাট প্ৰদৰ্শন কৰিব। সমাহাৰ নাট্যগোষ্ঠীৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অসমৰ ভ্ৰাম্যমান নাটৰ পিতৃপুৰুষ প্ৰয়াত ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণত আয়োজিত এই সমাৰোহৰ উদযাপন সমিতি খন গঠন কৰা হয়। অসমৰ অপেছাদাৰী নাট্যচৰ্চাৰ ক্ষেত্ৰখনত মাইলৰ খুঁটি ৰূপে পৰিগণিত হোৱা মহাসমাৰোহ খনৰ উদযাপন সমিতিত  উপদেষ্টা হিচাবে আছে গীতিকাৰ কীৰ্তিকমল ভূঞা, সমাজকৰ্মী অৱণী সূত্ৰধৰ, উদ্ধৱ কাকতি, সংগীতজ্ঞ বিভূৰঞ্জন চৌধুৰী, প্ৰবীণ অভিনেতা বিমল জ্যোতি চৌধুৰীৰ দৰে অসমৰ সাংস্কৃতিক তথা সামাজিক ক্ষেত্ৰখনৰ গণ্য-মাণ্য ব্যক্তিসকল। সমাহাৰ নাট্যগোষ্ঠীৰ সভাপতি ললিত শৰ্মাই উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা ডঃ সীতানাথ লহকৰে সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। সমাহাৰ নাট্যগোষ্ঠীয়ে নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি নাটৰ গুণগত মানৰ ভিত্তিত বিভিন্ন নাট্যগোষ্ঠী আৰু অনুষ্ঠানক নাট পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰিব। নাটত অংশগ্ৰহণ কৰিব বিচৰা দল সমূহে নাটৰ পাণ্ডুলিপি তথা শেহতীয়া প্ৰদৰ্শনীৰ চিডি/ডিভিডি নিম্নলিখিত ঠিকনাত ৩১ মে’, ২০১৭ ৰ ভিতৰত পোৱাকৈ পঠিয়াবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে – সম্পাদক, সমাহাৰ নাট্যগোষ্ঠী, ১/৮৫৭, ব্ৰজনাথ শৰ্মা পথ, শঙ্কৰদেৱ ফিল্ম ষ্টুডিওৰ ওচৰত, ডঃ জাকিৰ হুছেইন ৰোড, হেঙেৰাবাৰী, গুৱাহাটী – ৭৮১০৩৬, ফোন নম্বৰ ৯৯৫৪০৪৯৪৭০, ৯৪০১৮৮৬২২২৷ নাট সমাৰোহৰ সবিশেষ তথ্য সমাহাৰ নাট্যগোষ্ঠীৰ ফেচবুক পেজ www.facebook.com/samahar.natyagosthee তো উপলব্ধ হ’ব।