গুৱাহাটী : কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰিলে। ছোনীয়া গন্ধলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে সুস্মিতা দেৱে। ইয়াৰ লগতে কংগ্ৰেছৰ দলৰ প্ৰাক্তন সাংসদ গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টত নিজকে কংগ্ৰেছ দলৰ প্ৰাক্তন সদস্য বুলিও উল্লেখ কৰিলে।

কংগ্ৰেছ দলৰ বেয়া সময় এতিয়াও অব্যাহত আছে। ইজনৰ পিছত সিজনে কংগ্ৰেছ দল ত্যাগ কৰিছে। অসম বিধানসভা নিৰ্বাচনৰ মুখ ঠেকেচা খোৱাৰ পিছতে দলটোৰ কেইবাজনো নেতাৰ লগতে বিধানসভা নিৰ্বাচনত বিজয়ী হৈ অহা বিধায়কো দল ত্যাগ কৰি বিজেপিলৈ গৈছে।

ইজনৰ পিছত সিজনে কংগ্ৰেছ ত্যাগ কৰি থকাৰ সময়তে এইবাৰ দলটোৰ অতিকৈ সক্ৰিয় নেত্ৰী সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰিছে। পূৰ্বে শিলচৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কংগ্ৰেছ দলৰ পৰা নিজৰ পদত্যাগ পত্ৰ ছোনীয়া গান্ধীলৈ প্ৰেৰণ কৰিছে।

প্ৰাক্তন সাংসদ গৰাকীয়ে লগতে নিজৰ টুইটাৰ একাউণ্টৰ এষ্টেটাছ সলনি কৰিছে। সুস্মিতা দেৱে নিজৰ টুইটাৰ একাউণ্টত নিজকে কংগ্ৰেছ দলৰ প্ৰাক্তন সদস্য বুলি উল্লেখ কৰিছে। দল ত্যাগৰ কাৰণ বৰ্তমানলৈকে সুস্মিতা দেৱে প্ৰকাশ কৰা নাই যদিও সুস্মিতা দেৱে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে।