গুৱাহাটী, সংবাদ ৩৬৫, ৩ আগষ্ট : ন্যায় পালে শ্বেতাৰ পৰিয়ালে । অৱশেষত আদালতে শ্বেতা হত্যাকাণ্ডৰ অভিযুক্তৰ শাস্তি ঘোষণা কৰিলে। মূল অভিযুক্ত গোবিন্দ সিংহালক ফাঁচী আৰু মাতৃ-ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে আদালতে।

কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ এই ৰায়ৰ পাছতেই শ্বেতাৰ পৰিয়ালৰ মন্তব্য‘আমি বিচৰা ধৰণে ন্যায় পাইছো।’

হত্যাত অভিযুক্ত আছিল শ্বেতাৰ প্ৰেমিক গোবিন্দ সিংহাল, গোবিন্দৰ মাতৃ আৰু ভগ্নী।

উল্লেখযোগ্য যে ২০১৭ চনৰ ৪ ডিচেম্বৰত শ্বেতা আগৰৱালাক প্ৰেমিক গোবিন্দ সিংহালে সিংহালৰ ভৰলুমুখৰ বাসগৃহত হত্যা কৰিছিল। গোবিন্দৰ ঘৰৰ বাথৰুমত শ্বেতাৰ মৃতদেহ উদ্ধাৰ হৈছিল।