পূব কামৰূপ , সংবাদ ৩৬৫, ৩ আগষ্ট : কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বনবিভাগ । চকু মুদা কুলিৰ ভাওত ৰাজ্যৰ বন বিভাগ । বন ধব্বংশৰ কথা জানিও একো নাজানে বনবিভাগে । দক্ষিণ কামৰূপত এতিয়া কাঠফুলাৰ নিচিনা গঢ়ি উঠিছে বালিৰ মহল । পুৱ কামৰূপৰ বন সংমণ্ডলৰ অন্তৰ্গত কুলশী নৈত অবৈধ ভাৱে গঢ়ি উঠিছে বালি মহল । এই বালি মহল সমুহৰে বন বিভাগৰে সৈতে মিতিৰালি কৰি বালি মাফিয়াই চলাই গৈ আছে নিজৰ ৰমৰমীয়া বেহা । এইবাৰ চৰকাৰৰ অংশীদাৰ হিচাপে থকা ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদো গৰজি উঠিল চৰকাৰৰ বিৰুদ্ধে । এইবাৰ বন বিভাগ নহয় অবৈধ বালি মহলৰ বিৰুদ্ধে অভিযানত নামিল ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে ।

ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত চলিল অভিযান । দীৰ্ঘদিন ধৰি কুলশীৰ বালি মহল অবৈধভাৱে চলি থকাত বুজন পৰিমানে চৰকাৰে ৰাজহ হেৰুৱাইছিল । ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰনক বুঢ়া আঙুলি দেখুৱাই বন বিভাগৰ সৈতে একাংশ বালি মাফিয়াই মিতিৰালি কৰি মেচিনেৰে বালি উঠাই আহিছে । এই অবৈধ বালি মহলটোৰ বিৰদ্ধে অভিযান চলাবলৈ যোৱা ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ সৈতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰে একাংশ বালি মাফিয়াই ।

মুঠৰ ওপৰত এতিয়া কুলশীত উঠি বহি ৰজা হৈ পৰিছে বালি মাফিয়া সকল । বালি মাফিয়া সকলোক অতি সোনকালে ৰোধ কৰিবলৈ চৰকাৰক আহ্বান জনাই একাংশ সচেতন লোকে ।

আনহাতে চৰকাৰৰ অংশী দল ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই বন বিভাগ এতিয়া কংকাল আখ্যা দিয়াৰ লগতে বনমন্ত্ৰী নাই বুলি তাচ্যিল্য কৰি মুখ্যমন্ত্ৰীৰ হস্তখেপ দাবী জনাই লগতে যদিহে এই বনবিভাগতো সুচাৰুৰূপে চলাব নোৱাৰে তেতিয়া ৰাভা হাছংক স্বায়িত্ব শাসিত পৰিষদক গোটাই দিবলৈ আহ্বান জনাই ।