সংবাদ ৩৬৫, ২৩ ফেব্ৰুৱাৰী: বনৰীয়া হাতীৰ পাছতেই এইবাৰ বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ কালাকুছিত এটা বনৰীয়া মেঠোনৰ সন্ত্ৰাস । শনিবাৰে হঠাৎ কালাকুছিৰ পথাৰত ৰাইজে মেঠোনটো প্ৰত্যক্ষ কৰে। এই খবৰটোচৌদিশে বিয়পি পৰাৰ লগে লগে শ শ ৰাইজ আহি মেঠোনটো চাবলৈ উপস্থিত হয় । ইফালে খৱৰ পাই তামুলপুৰ বন বিভাগ আৰু আৰক্ষীৰ লোক আহি ঘটনা স্থলীত উপস্থিত হয়। বন বিভাগৰ লোকে মেঠোনটো কৰায়ত্ব কৰিব’লৈ আপ্ৰান প্ৰচেষ্টা চলাই যদিও ৰাইজৰ চিঞৰ বাখৰত মেঠোনটো পলাই যায়। বৰ্তমানেও মেঠোনটো কৰায়ত্ব কৰিবলৈ বনবিভাগে চেষ্টা অব্যাহত ৰাখিছে।