সংবাদ ৩৬৫, ২৩ ফেব্ৰুৱাৰী: এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টিত উপস্থিত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীৰ তিতাবৰ আগমনৰ কাৰ্যসূচীক লৈ দলীয় সমৰ্থক আৰু ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ আৰু উদ্দীপনা।

তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্রকল্প প্ৰাংগণত অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ অধীনত ৰূপায়িত আকাশদ্বীপ আঁচনিৰ অধীনত আৰু কৃষি বিভাগৰ মুখ্যমন্ত্ৰীৰ কৃষি সা- সঁজুলি যোজনা আঁচনিৰ অধীনত খেতিয়কত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই আঁচনিৰ দ্বাৰা প্ৰায় ৫৩ লাখ লোক উপকৃত হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে, বিজেপি দলে মুখ্যমন্ত্ৰীৰ এই সভাত ২৫ হাজাৰৰো অধিক লোকৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে।